ৰঙিয়া, ৩১জুলাই: বান নোহোৱা অঞ্চলৰ পৰিয়াল সমুহে লাভ কৰিছে চৰকাৰে দিয়া বিশেষ সাহাৰ্য্য । কিন্তু বান বিভীষিকা পৰিস্থিতিত বাতৰিৰ শিৰোনাম দখল কৰা বগৰীবাৰিত বানাক্ৰান্ত পৰিয়াল সমুহে আৰ্থিক সাহাৰ্য্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত বগৰীবাৰি অঞ্চলৰ বানাক্ৰান্ত ৰাইজে আজিলৈকে আপোন ঘৰখনলৈ উভতিব পৰা নাই।প্ৰলয়ংকাৰী বানে পৰিয়ালসমূহৰ বৃহৎ ক্ষতি কৰাৰ পিছত ৰাজ্য চৰকাৰে পৰিয়াল সমুহক কিছু আৰ্থিক সহায় কৰাৰ ব্যৱস্থা কৰিছিল । তেনে সময়তে ৰঙিয়াৰ বগৰীবাৰিত ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়াল বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰঙিয়া মহকুমা প্ৰশাসনে স্থানীয় গাঁও প্ৰধানৰ জৰিয়তে তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত পৰিয়াল সমুহক আৰ্থিক ভাবে সকাহ দিয়াৰ বাবে তালিকা প্ৰস্তুত কৰিছে যদিও বগৰীবাৰী বানাক্ৰান্ত পৰিয়ালসমুহ কিয় বঞ্চিত হৈছে চৰকাৰে দিয়া বিশেষ সাহায্যৰ পৰা সেয়া ৰহস্যকৰ কথা হৈ পৰিছে বানাক্ৰান্ত ৰাইজৰ বাবে।আনহাতে,তুলসীবাৰীৰ মাহতলীত বানপানীৰ কোনো উমান নোপোৱা অঞ্চলৰ পৰিয়ালৰ নামত আহিল ৩৮০০ টকাকৈ ।ক্ষতিগ্ৰস্ত লোক সকলৰ নাম বাদ পৰাৰ বিপৰীতে বানত কোনোধৰণৰ ক্ষতি নোহোৱা আন একাংশ পৰিয়ালৰ নামো তালিকাত সন্নিবিষ্ট হৈছে ।এই ক্ষেত্ৰত ৰঙিয়া সমষ্টিৰ বিধায়কৰ লগতে মুখ্যমন্ত্ৰীক উচিত তদন্ত কৰাৰ বাবে দাবী জনাইছে ৰঙিয়াৰ সচেতন ৰাইজে।