লখিমপুৰ, ১ আগষ্ট: লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যায়লত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য) গিতালী দুৱৰাই আজি বিশ্ব স্তনপান সপ্তাহৰ শুভাৰম্ভণি কৰে । উল্লেখ্য যে ২০২২ চনৰ বিশ্ব স্তনপান সপ্তাহ ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ চলিব ।সেই অনুসৰি বিশ্ব স্তনপান সপ্তাহৰ এই বাৰৰ শ্লোগান হৈছে “স্তনপান কৰোৱাৰ ক্ষেত্ৰত পদক্ষেপ লওক: শিকাওক আৰু সমৰ্থন কৰক।”
উক্ত অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়)ৰ ডাক্তৰ কুইন বৰুৱাই কয় যে এটি শিশুৰ জন্মৰ পৰা ৬ মাহলৈ কেৱল মাত্ৰ মাকৰ গাখীৰহে খুৱাব লাগে । ৬ মাহৰ পিছত শিশুটিক স্তনপানৰ লগতে অলপ কোমল, মিহি গোটা খাদ্য খুৱাবলৈ আৰম্ভ কৰিব লাগে আৰু দুবছৰলৈ শিশুটিক স্তনপান কৰোৱাটো অব্যাহত ৰাখিব লাগে । এই কাৰ্যই শিশুটিক সুস্থৰখাৰ লগতে ভৱিষ্যতে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে । স্তনপান মাতৃৰ সুস্বাস্থ্যৰ বাবেও জৰুৰী । ডাক্তৰ কুইন বৰুৱাই উপস্থিত আশাকৰ্মী , এএনএম আৰু ৰাইজৰ মাজত স্তনপান কেনেকৈ কৰিব লাগে, ইয়াৰ ওপৰত থকা ভ্ৰান্ত ধাৰণা আদি সম্পৰ্কে বক্তৃতা আগবঢ়াই । তদুপৰি এএনএম তথা আশা সকলক স্তনপানৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ নিৰাময়ৰ ক্ষেত্ৰত মাতৃ গৰাকীক কিদৰে পৰামৰ্শ প্ৰদান কৰে ।
জিলাখনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গিতালী দুৱাৰাই কয় – “স্তনপান শিশু আৰু মাতৃৰ বাবে বহু প্ৰয়োজনীয় । বিশ্ব স্তনপান সপ্তাহ উপলক্ষে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্তনপান সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণাৰ বিৰুদ্ধে সজাগতা, স্তনপানৰ উপযোগিতা আদি প্ৰচাৰ কৰা হব । গৰ্ভৱতী মহিলা সকলক তেওঁলোকৰ পৰিয়ালক প্ৰাক-প্ৰসৱকালীন ডাক্তৰৰ সৈতে সাক্ষাতৰ সময়ত স্তনপানৰ গুৰুত্ব তথা প্ৰয়োজনীয়তা সম্পৰ্কে গৰ্ভৱতী মাতৃ গৰাকীক উপযুক্ত পৰামৰ্শ প্ৰদান কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে লগতে জিলাখনৰ প্ৰতিখন চিকিৎসালয়ত তথা স্বাস্থ্য কেন্দ্ৰত স্তনপান সম্পৰ্কীয় নীতি নিয়ম সমূহ প্ৰদৰ্শন কৰাৰ বাবে বিশেষ পদক্ষেপ লবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা গণমাধ্যম বিশেষজ্ঞক নিৰ্দেশ দিয়ে । উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ গুনীন গগৈয়ে নিজৰ বক্তৃতাত কয় যে জন্মৰ এক ঘণ্টাৰ ভিতৰত আৰম্ভ কৰা, মাকৰ ছালৰ সৈতে ছালৰ সংস্পৰ্শলৈ অহা আদি বিষয়সমূহৰ গুৰুত্বৰ বিষয়ে মন্তব্য কৰে । ডাক্তৰ গুনীন গগৈয়ে মাতৃসকলৰ গাখীৰৰ বটল, কৃত্ৰিম নিপুল আৰু পেচিফায়াৰ ব্যৱহাৰৰ বিৰুদ্ধে তথা ইয়াৰ দ্বাৰা হব পৰা বিপদৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰে ।
উক্ত অনুষ্ঠানত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (জনস্বাস্থ্য) ডাক্তৰ ধীৰণ শইকীয়া, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ( বিদ্যালয় স্বাস্থ্য) ডাক্তৰ অপৰ্ণা দত্ত, জিলা নিৰীক্ষণ বিষয়া ডাক্তৰ শিল্পী শইকীয়া, জিলা মেলেৰিয়া বিষয়া চিএছপেগু, অসংক্ৰাম ৰোগ বিভাগৰ জিলা আঁচনি বিষয়া ডাক্তৰ উদয়ন বৰদলৈ, জপাইগোৰ বিষয়া চয়নিকা শইকীয়া, ৰাচিৰিয় স্বাস্থ্য বিভাগৰ জিলা পৰ্যায়ৰ বিষয়া তথা স্বাস্থ্য কৰ্মী, ৰাইজ উপস্থিত থাকে ।