বঙাইগাঁও, ১ আগষ্ট ২০২২ঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত গেৰুকাবাৰী আৰক্ষীৰ। আজি আবেলি গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১ নং নাচনগুৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আনোৱাৰ হুছেইন(১৮) নামৰ এটা সৰবৰাহকাৰীক।আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানটোত ধৃত আনোৱাৰ হুছেইনৰ পৰা ৩০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়।জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৪১.২৮ গ্ৰাম। ধৃত আনোৱাৰৰ ঘৰ বঙাইগাঁও জিলাৰ পশ্চিম গেৰুকাবাৰীত।আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীটোক।