মাৰ্ঘেৰিটা, ২ আগষ্টঃ আদিবাসী সকলৰ জনজাতিকৰণ , অসমত বসবাস কৰা আদিবাসী সকলক ভুমি অধিকাৰ প্ৰদান কৰা, আদিবাসী সকলক OBC জাতিগত প্ৰমান পত্ৰ প্ৰদান কৰাৰ লগতে আদিবাসী সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত আজি সংগঠনটোৰ মাৰ্ঘেৰিটা, ডিগবৈ, পেঙেৰী, বৰডুমচা আঞ্চলিক সমিতিয়ে ১ ঘন্টীয়া এক ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷ শতাধিক প্ৰতিবাদকাৰীয়ে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা পদযাত্ৰা কৰি বিভিন্ন শ্লগানেৰে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি কাৰ্যলয়ৰ চৌহদ উত্তাল কৰি তুলে ৷
