সৰুপথাৰ, ২আগষ্ট ২০২২ঃ ইংলেণ্ডৰ ৱাৰ্মিংহামত চলি থকা কমনৱেল্থ গেমছত লনবলৰ ফাইনেলত ভাৰতৰ মহিলা দলটো প্রৱেশ কৰাৰ লগে লগে সৰুপথাৰটো উঠিছে উছাহৰ ঢল । ফাইনেলত প্রৱেশ কৰা ভাৰতীয় লনবল দলৰ এগৰাকী সদস্য হ’ল নয়ন মণি শইকীয়া । নয়নমণিৰ ঘৰলৈ সোঁত বৈছে শুভাকাংক্ষীৰ । নয়নমণিৰ শাহু ,স্বামী ,কন্যাৰ উপৰিও শুভাকাংক্ষী সকলোৱে ভাৰতীয় মহিলা লনবল দলটিয়ে ফাইনেলত বিপক্ষক পৰাজিত কৰি সোণৰ পদক জয় কৰাটো কামনা কৰিছে ।