বৰপেটা,২ আগষ্টঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত হাবি ৰাধাকুছিত আজি পানীত পৰি এটি শিশুৰ মৃত্যু হয়। মৃত শিশুটি মিজানুৰ আলীৰ ৮ বছৰীয়া পুত্ৰ সন্তান আহমদ আলী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে,শিশুটিৰ প্ৰকৃত ঘৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কানহাৰা গাঁওত বুলি জানিব পৰা গৈছে। পিছে শিশুটোৱে তিনিদিন পূৰ্বে মাতৃৰ সৈতে হাবি ৰাধাকুছিস্থিত মোমায়েকৰ ঘৰলৈ আহিছিল। মোমায়েক হাচিবুল আলীৰ ঘৰৰ কাষত পানীৰে উপচি থকা দ’ পথাৰত নাওঁত উঠি শিশুটোৱে খেলি আছিল। পিছে তেনে অৱস্থাতে অকস্মাৎ পানীত পৰি শিশুটোৰ মৃত্যু হয়। আজি ৰাতিপুৱা প্ৰায় ৮ বজাত ঘটণাটো সংঘটিত হয়। যদিও ঘটনা সংঘটিত হোৱাৰ বহু সময় পৰলৈকে শিশুটিক পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি নেদেখাত পৰিয়ালটোৰ মাজত হুৱা দুৱা সৃষ্টি হয়। পিছত পথাৰৰ দ’ পানীত উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে উদ্ধাৰ কৰি নগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে শিশুটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। উক্ত ঘটনাকলৈ বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।