বিজনী, ২ আগষ্ট ঃ বিজনীৰ উত্তৰাঞ্চলত অব্যাহত বালিৰ অবৈধ সৰবৰাহ।বন বিভাগৰ চকুত ধুলি দি একাংশ অসাধু চক্ৰই দীৰ্ঘদিনৰ পৰা ডাম্পাৰ আৰু ট্ৰেক্টৰেৰে অবৈধ বালি, শিলৰ সৰবৰাহ কৰি আছিল যদিও আজি এছএছবিৰ অভিযানত জালত পৰে অবৈধ বালি ভৰ্তি দুখন ট্ৰেক্টৰ।এছএছবিৰ ১৫ নং বেটেলিয়নৰ কুমাৰশালী শিবিৰৰ এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত এটা এছএছবিৰ দলে দুটা পৃথক স্থানত অবৈধ বালিভৰ্তি দুখন ট্ৰেক্টৰসহ পাঁচজন লোকক আটক কৰে। প্ৰথমে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী দমৰঙৰ পৰা নম্বৰপ্লেট বিহীন এখন বালিভৰ্তি ট্ৰেক্টৰসহ ১ নং মালিপাৰা নিবাসী বিনঞ্জয় ব্ৰহ্ম(৩১), ছানছুমা বড়ো(২২) আৰু সঞ্জীৱ ব্ৰহ্মক আটক কৰাৰ কিছু সময় পিছত পুনৰ বাটাবাৰীত আন এখন নম্বৰপ্লেট বিহীন অবৈধ বালিভৰ্তি ট্ৰেক্টৰসহ ভৱানীপুৰ নিবাসী ছাহজাহান আলী(২০) আৰু মাঝাৰ আলী(১৮) নামৰ দুজনক আটক কৰে।জব্দকৃত দুয়োখন ট্ৰেক্টৰৰে নাছিল কোনো নথি পত্ৰ অথবা বালিৰ ছালান।পাছত এছএছবিৰ দলটোৱে ট্ৰেক্টৰসহ লোক কেইজনক বিজনী বন বিভাগৰ ডিপট কাৰ্যালয়ত চমজাই দিয়ে।