মাৰ্ঘেৰিটা ০৩ আগষ্টঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত এটি নৱজাতকৰ মৃত্যুক লৈ বিভিন্ন দল সংগঠনে মাৰ্ঘেৰিটাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে পেঙেৰী থানাৰ অন্তৰ্গত খাতাংপানীৰ বাসিন্দা শেৱালী কালোৱাৰক ২৭ জুলাই তাৰিখে প্ৰসূঁতিজনিত কাৰণত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল। কিন্তু প্ৰসূঁতি গৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল আৰু কালি নৱজাতকটি মৃত্যু হয়। নাৰ্ছ আৰু চিকিৎসকৰ গাফিলতিৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।চিকিৎসকৰ অবিহনে নাৰ্ছে প্ৰসূতি গৰাকীক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপিত কৰিছে।এইলৈ স্থানীয় দল সংগঠনে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।নৱজাতকৰ কঁপালত আঘাতৰ দাগ থকালৈ চাই স্থানীয় লোকে চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছৰ গাফিলতি সন্দেহ কৰিছে।চিকিৎসাৰ বিনিময়ত ধনলোৱাৰ অভিযোগো উত্থাপিত হৈছে চিকিৎসকৰ বিৰুদ্ধে ।স্থানীয় দল সংগঠনে নৱজাতকৰ মৃত্যুৰ ঘটনা এক উচ্চিত তদন্ত দাৱী জনোৱা লগতে চিকিৎসালয়খনত সংঘটিত সকলো অভিযোগেৰে তদন্ত কৰিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে।
