তিনিচুকীয়া ৩ আগষ্ট: অসম বিধান সভাৰ “Local Fund Accounts”ৰ ৫ জনীয়া সমিতিয়ে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, হাপজান, ইটাখুলি, কাকপথাৰ, মাৰ্ঘেৰিটা, শদিয়া তথা চৈখোৱা উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল তথা জিলাখনৰ কেউখন পৌৰসভা তথা নগৰ সমিতিৰ কাৰ্য্যবাহী বিষয়াৰ সৈতে এখনি গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। সভাৰ আৰম্ভণিতে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰে সমিতিখনৰ অধ্যক্ষ তথা মৰাণ সমষ্টিৰ বিধায়ক শ্ৰী চক্ৰধৰ গগৈৰ লগতে সমিতিৰ আন সদস্য ক্ৰমান্বয়ে জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী আফটাব উদ্দিন মোল্লা, পূব গোৱালপাৰাৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী আবুল কালাম ৰছিদ আলম আৰু কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী লৰেন্স ইছলাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ সভাত সমিতিখনে পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ লগতে কেউটা উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ন হৈ থকা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। চাহ বাগিচা এলেকাত এমজিএনৰেগাৰ অধীনত উন্নয়নমূলক আচঁনি হাতত লবলৈ খণ্ড উন্নয়ন বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। সমিতিখনে জিলাখনৰ প্ৰতিটো উন্নয়নখণ্ডতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি ফলপ্ৰসু ভাৱে ৰূপায়ন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও সমিতিখনে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা বিভিন্ন আচঁনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীন)ৰ অগ্ৰগতিৰো বুজ লয়। পি. এম. এ.ৱাই গ্ৰামীনৰ অধীনত গৃহ নিৰ্মাণৰ কাম সঠিকভাবে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ আহ্বান জনায়। সকলো গৃহহীন দৰিদ্ৰ পৰিয়াল তথা যোগ্য হিতাধিকাৰীক একোটাকৈ পকীঘৰ সুনিশ্চিত কৰিবলৈয়ো নিৰ্দেশ দিয়ে। সমিতিখনে তিনিচুকীয়া পৌৰসভাৰ লগতে আন পৌৰসভা তথা নগৰ সমিতিসমূহৰ সৈতে বিভিন্ন আচঁনিৰ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰে। সভাত চৰকাৰী ধনৰ উচিত ব্যৱহাৰেৰে উন্নয়নমূলক আচঁনিৰ সফল ৰূপায়নৰ যোগেদি চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ উপস্থিত সকলো বিষয়ালৈ সমিতিৰ অধক্ষ্য শ্ৰী চক্ৰধৰ গগৈয়ে আহ্বান জনায়। আজিৰ এই সভাত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ডুমডুমা সমষ্টিৰ বিধায়ক ৰুপেশ গোৱালা, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা প্ৰমুখ্যে তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, অসম বিধান সভাৰ “Local Fund Accounts” সমিতিৰ বিষয়ববীয়াই আজি ইটাখুলি উন্নয়নখণ্ডৰ বাপুজী গাওঁপঞ্চায়ত পৰিদৰ্শন‌কৰি চৰকাৰী আচঁনিসমূহৰ সঠিক ৰূপায়ন সন্দৰ্ভত বুজ লয়।