গুৱাহাটী,৩ আগষ্টঃ মহানগৰীত প্ৰায় প্ৰতিদিনেই উদ্ধাৰ এটাৰ পিছত আন এটা মৃতদেহ। বুধবাৰেও পুৱাই গুৱাহাটী মহানগীৰৰ বামুণীমৈদামৰ ভাস্কৰনগৰত উদ্ধাৰ হ’ল এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী যুৱতীৰ। জানিব পৰা মতে ভাস্কৰনগৰৰ এটা নলাত বস্তাত ভৰাই যুৱতীগৰাকীৰ মৃতদেহ পেলাই থৈ যায় দুবৃত্তই। মৃতদেহ সোমাই থকা বস্তাটো পানীত উপঙি থকা পৰিলক্ষিত কৰি এজন যুৱকে বস্তাটোত কি আছে বুলি খুলি চাওঁতেই পোহৰলৈ আহে এই ঘটনা। ইয়াৰ পিছতে স্থানীয় লোকৰ মাজত সৃষ্টি হয় ব্যাপক চাঞ্চল্য। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে চানমাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। কিন্তু বৰ্তমানলৈকে এই মৃতদেহটো কাৰ বা কোনে কিয় হত্যা কৰিলে তাৰ কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই।