গুৱাহাটী,৩ আগষ্টঃ গুৱাহাটী ৰে’লৱে ষ্টেচনত উদ্ধাৰ হৈছে সোণৰ নাও। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে সোণৰ নাওখন। নাওখনৰ লগতে আৰক্ষীয়ে আটক কৰে এজন সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী জন বিহাৰৰ আকাশ কুমাৰ বুলি জানিব পৰা গৈছে। ডিমাপুৰৰ পৰা বিহাৰলৈ লৈ গৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে আকাশ। অৱশ্যে নিশ্চিত হোৱা নাই যে নাওখন আচল নে নকল সোণৰ।