বৰপেটা,৪ আগষ্টঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোনাপুৰ গাঁৱত বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়াত ৮টাকৈ পৰিয়ালৰ ঘৰ ভেঁটি মাটি জাহ গৈছে। পিছে দিশাহাৰ হৈ পৰিছে খহনীয়া গ্ৰস্ত লোকৰ লগতে সোনাপুৰবাসী ৰাইজ। সম্প্ৰতি এনে সময়ত বৰপেটাৰ সাংসদ আব্দুল খালেক, জনিয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম, বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰ কাৰোৰে যেন খহনীয়াগ্ৰস্ত লোকৰ খবৰ ল’বলৈ আহৰি নাই। কেৱল নিৰ্বাচন আহিলে নেতা সকলে আহে দৰিদ্ৰ লোকৰ ভোট ভিক্ষা মাগিবলৈ। এনেদৰে ক্ষোভ উজাৰিলে খহনীয়া গ্ৰস্ত ৰাইজে। উল্লেখযোগ্য যে, সোনাপুৰ গাঁৱত তথা হাজী কৈফত আলী এম ই মাদ্ৰাছা , মছজিদ, আৰু সোনাপুৰ ৰাজহ গাওঁ সম্পূৰ্ণ বেঁকী নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ইপিনে মাদ্ৰাছা খনত থকা ছাত্ৰ ছাত্ৰীসকলৰ জীৱন গঢ়াৰ প্ৰতিও অনিশ্চয়তা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। সেয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিক খহনীয়া ৰোধৰ ব্যৱস্থাৰ বাবে আহ্বান জনাইছে।