গুৱাহাটী,৪ আগষ্টঃ ৰাজ্যবাসীক ঘৰ ঘৰ ত্ৰিৰংগা অভিযানৰ লগত সংযুক্ত কৰাৰ বাবে ৰ‍াজ্যিক বিজেপিয়ে ব্যাপক কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে দলৰ জ্যেষ্ঠ নেত্ৰী তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বিজয়া চক্ৰৱৰ্তীযে আজি ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপয়েী ভৱন’ৰ চৌহদত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। এনেধৰণৰ বিক্ৰী কেন্দ্ৰ দলৰ প্ৰতিখন সাংগঠনিক জিলা কার্যালয় আৰু মণ্ডল কাৰ্যালয়ত ৭ আগষ্টৰ দিনা আৰম্ভ কৰা হ’ব। বিক্ৰী কেন্দ্ৰ মুকলি কৰি দলৰ জ্যেষ্ঠ নেত্ৰী গৰাকীয়ে ত্ৰিৰংগাৰ সৈতে জনগণৰ আত্মীয়তাক আৰু অধিক সুদৃঢ় কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্রশংসা কৰে। আজিৰ ত্ৰিৰংগা বিক্রী কেন্দ্র মুকলি কার্যক্রমত দলৰ ৰাজ্যিক উপ সভাপতিদ্বয় বিজুলী কলিতা আৰু অশোক ভট্টৰায়, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, উপ মেয়ৰ স্মিতা ৰয় দাস, অ’ বি চি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকা, এচ চি মৰ্চাৰ সভানেত্রী মুন স্বর্ণকাৰ, জ্যেষ্ঠ নেতা প্রফুল্ল বৰা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, ৰাজ্যিক মুখপাত্রদ্বয় পংকজ বৰবৰা আৰু ৰঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে দলৰ দুই শতাধিক কার্যকর্তা উপস্থিত আছিল। উল্লেখ যে ৰাজ্যৰ প্ৰতিজন নাগৰিকক স্বাধীনতাৰ অমৃত উৎসৱৰ কাৰ্যসূচীৰ সৈতে জড়িত কৰোৱাৰ উদ্দেশ্যেৰে দলে ইতিমধ্যে ব্যাপক কাৰ্যসূচী হাতত লৈছে। ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ দলৰ কাৰ্যকৰ্তা সকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাটৰ নাট প্ৰদৰ্শন, চাইকেল ৰেলী, সমদল আৰু পদযাত্ৰা আদি বাহিৰ কৰি নৱ প্ৰজন্মৰ মাজত স্বাধীনতা আন্দোলনৰ বিষয়ে সজাগতা অভিযান চলাব। একেদৰে ১২ আগষ্টৰ দিনা বিভিন্ন স্থানত প্রভাতফেৰী কৰি দলীয় কার্যকৰ্তাই ৰাজ্যবাসীক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ বাবে অনুপ্রাণিত কৰিব বুলি দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে জানিবলৈ দিয়ে।