ৰঙিয়া, ৪আগষ্টঃ ৰেল লাইনৰ সমীপত সংকটজনক অৱস্থাত যুৱতী উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চ্যলৰ।
স্থানীয় ৰাইজে তৎপৰতাৰে 108 এম্বুলেঞ্চক খবৰ দিয়াত 108 কতৃপক্ষই যুৱতীগৰাকীক উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে যুৱতী গৰাকীৰ মূৰত গুৰুতৰ আঘাতৰ চিন স্পষ্ট হৈছে।
যুৱতীগৰাকী ৰঙিয়াৰ জামতোলাৰ চানিয়া বেগম বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, যুৱতীগৰাকী দুৰ্ঘটনাত পতিত হৈছে নে আন কিবা এতিয়ালৈ স্পষ্ট হোৱা নাই।