সৰুপথাৰ, ৪ আগষ্ট : মেৰাপানীৰ ৩ নং সোনালী পথাৰত পুনৰ অপমৃত্যু ঘটিল মানৱতাৰ। মুখলজ্জা ঢকাৰ স্বাৰ্থতে মাতৃৰূপী কোনো কলংকিনীয়ে দলিয়াই পেলালে নিজৰ সদ্যোজাত সন্তানক। সোমবাৰে সন্ধিয়া গাঁওখনৰ এটা পৰিত্যক্ত শৌচাগাৰৰ কাষৰ পৰা কেচুৱাৰ কান্দোন ভাঁহি অহাত ললিত ৰায় নামৰ লোকজনে কান্দোনৰ উৎস বিচাৰি সেই স্থানত উপস্থিত হয়। পাছত ব্যক্তিজনে সেই স্থানৰ পৰা উদ্ধাৰ কৰে সদ্যোজাত এটি কন্যা সন্তান। খবৰটো বিয়পি পৰাৰ লগে লগে সেই স্থানত গাঁওখনৰ বহুলোক উপস্থিত হৈ জীৱিত অৱস্থাতে উদ্ধাৰ কৰে সদ্যোজাত সন্তানটি। সামান্য পৰিমাণে আঘাটপ্ৰাপ্ত সন্তানটিক গাঁওবাসীয়ে প্ৰাথমিক শুশ্ৰূষা প্ৰদান কৰি পাছত উপযুক্ত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। গাঁওবাসীয়ে সন্দেহ কৰা মতে, অবৈধ মাতৃত্বৰ বোজা আৰু মুখলজ্জাৰ পৰা পৰিত্ৰাণ পোৱাৰ স্বাৰ্থতে কোনো হৃদয়হীনে এনেদৰে দলিয়াই থৈ যায় সদ্যোজাত সন্তানটি। গাঁওবাসীয়ে ঘটনা সন্দৰ্ভত স্থানীয় মেৰাপানী আৰক্ষীক অৱগত কৰাৰ লগতে উদ্ধাৰকাৰী ললিত ৰায়ৰ পত্নীয়ে আইনগত ভাৱে সন্তানটিক মাতৃস্নেহ দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। বৰ্তমানলৈকে সদ্যোজাত সন্তানটিৰ পিতৃ মাতৃৰ পৰিচয় পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তৰ পাছতহে সবিশেষ জানিব পৰা হ’ব।