বৰপেটা,৫ আগষ্টঃ সম্প্ৰতি পথ পৰিবহনৰ ক্ষেত্ৰত দেশত বৃহৎ পৰিবৰ্তন হ’ব । ২৬ টাকৈ নতুন এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কাম হ’ব ২০২৪ চনত । কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ এয়া এক বৃহৎ অভিলাসী প্ৰকল্প । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্যতম কেবিনেট মন্ত্ৰী তথা পথ পৰিবহন বিভাগৰ এজন দক্ষ আৰু সফল মন্ত্ৰী হিচাপে পৰিচিত নীতিন গাডকাৰীয়ে আজি সদনত এই কথা ঘোষণা কৰে । দেশৰ পথ পৰিবহন ক্ষেত্ৰত বহু অভিলাষী আঁচনি প্ৰস্তুত কৰি তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এজন নিকা ভাৱমূৰ্তীৰ পৰিচয় দাঙি ধৰা গাডকাৰীয়ে জনসাধাৰণৰ যাত্ৰা চমু কৰি তোলাৰ বাবে এই অভিলাষী আঁচনি তৈয়াৰ কৰা হয় বুলি দোহাৰে । উল্লেখযোগ্য যে, ২০২৪ বৰ্ষৰ পৰা দেখা পাব লগীয়া এই প্ৰকল্প দেশৰ বাবে হ’ব পৰিবহন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰকল্প । ৰাজ্য সমুহৰ মাজত দুৰত্ব হ্ৰাস কৰা আৰু যাত্ৰী সকলে আমেৰিকা ভ্ৰমণৰ দৰে এক সুন্দৰ যাত্ৰা লাভ কৰিব বুলি কোৱা হৈছে । প্ৰধানকৈ দিল্লী, শ্ৰী নগৰ, জয়পুৰ, চেন্নাই,বাংগালুৰু, মুম্বাই, কানপুৰ, লক্ষনৌ,কাটৰা আদি দেশৰ উল্লেখযোগ্য চহৰ সমুহৰ মাজত এই অভিলাষী পথ প্ৰকল্প সামৰি লোৱা সম্ভাৱনা আছে যদিও অসমে এই সুবিধা লাভ কৰাৰ সম্ভাৱনাৰ কোনো কথা উল্লেখ কৰা নাই দক্ষ মন্ত্ৰী গৰাকীয়ে । লক্ষনীয়ভাৱে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা ঘোষণা কৰা শুনা গৈছিল যদিও পিছত পথ পৰিবহন মন্ত্ৰালয়ৰ ওচৰত এই প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ পোৱা নহল বুলি স্বয়ং নীতিন গাডকাৰীয়ে কিছু বছৰ পূৰ্বে প্ৰকাশ কৰিছিল । ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ হ’লে মহাবাহুৱে প্ৰতি বছৰে সৃষ্টি কৰা প্ৰলয়ংকাৰী বানপানী প্ৰতিৰোধ হ’ব বুলিও কোৱা হৈছিল । কিন্তু এই অভিলাষী আঁচনি পিছত নাকচ হয় । আনহাতে ৰাজ্যৰ অন্যতম প্ৰাচীন তথা ঐতিহাসিক চহৰ বৰপেটাক স্পৰ্শ কৰি হাউলী অথবা অভয়াপুৰীৰ পৰা বৰপেটা চহৰ হৈ হাজো গুৱাহাটীলৈকে থকা পথটো ফৰলেন হাইৱেলৈ পৰিবৰ্তন কৰাৰ বাবে বৃহৎ অঞ্চলটোৰ ৰাইজৰ পৰা সুদীৰ্ঘ বছৰ ধৰি দাবী উত্থাপন কৰা স্বত্বেও ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইয়াৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল নকৰাৰ ফলস্বৰূপে ইয়াৰ কোনো একো সেউজ সংকেত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা পোৱা নহল বাবেই যোগাযোগৰ ক্ষেত্ৰত পিছ পৰা অঞ্চলটোৰ ৰাইজ বঞ্চিত হ’ব লগীয়া হৈছে ।
