লখিমপুৰ, ৪ আগষ্ট ; “মণিকাঞ্চন সংযোগ ক্ষেত্ৰ ” আদিস্থান মাজুলী আঁহতগুৰি পুনৰ প্ৰাণ পাই উঠিব । “মাজুলীৰ সাহিত্য” আৰু “আঁহতগুৰি সন্মিলনে” ইতিমধ্যে এই বিষয়ত ব্যাপক প্ৰস্তুতি আগবঢ়াইছে। নদীদ্বীপ মাজুলীৰ সাহিত্য- সংস্কৃতি উদ্ধাৰ,চৰ্চা আৰু বিকাশৰ উদ্দেশ্যত গঠিত স্বেচ্ছাসেৱী সংগঠন ” মাজুলীৰ সাহিত্য”ই আজি এবছৰৰ পূৰ্বৰ পৰাই প্ৰথমতে অনলাইন আলোচনা আৰু পৰৱৰ্তী কালত আঁহতগুৰি ৰ চৰ চাপৰিৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত বসবাস কৰা আঁহতগুৰি মূলৰ লোকসকলৰ লগত সভা সমিতি অনুষ্ঠিত কৰি “আঁহতগুৰিৰ এখন পূৰ্ণাঙ্গ বুৰঞ্জী” প্ৰণয়ন আৰু আঁহতগুৰিত দুজনা গুৰুৰ মহা মিলনৰ থানভাগ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে জনমত গঠন অব্যাহত ৰাখিছে। সংগঠনটোৱে অসমৰ বিভিন্ন ঠাইত পুনৰ সংস্থাপন লোৱা আহতগুৰীয়াসকলক একত্ৰিত কৰিবলৈ লখিমপুৰ- ধেমাজি আৰু জোনাই অঞ্চল সামৰি আহতগুৰি সন্মিলনৰ উত্তৰপাৰ সমিতি, শোণিতপুৰ- দৰং- তেজপুৰ সামৰি আঁহতগুৰি সন্মিলন- গহপুৰ সমিতি, গোলাঘাট- যোৰহাট- তিতাবৰ সামৰি আঁহতগুৰি সন্মিলন- দক্ষিণ পাৰ সমিতি, মাজুলীৰ চৰ চাপৰি সামৰি আঁহতগুৰি সন্মিলন- মাজুলী সমিতি আৰু গুৱাহাটীত বসবাস কৰা আঁহতগুৰি তথা আঁহতগুৰি প্ৰেমীক লৈ গুৱাহাটী মহানগৰ সমিতি গঠন কৰি ব্যাপক জন সংগঠন আগবঢ়াইছে আৰু সমান্তৰাল ভাৱে ২০২৩ চনত লক্ষাধিক লোকৰ সমাৱেশেৰে যাতে আঁহতগুৰি উৎসৱ তথা মণিকাঞ্চন সংযোগ ক্ষেত্ৰ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে এখনি বিশাল উদযাপন সমিতি গঠন কৰিছে। অলপতে দক্ষিণ আঁহতগুৰি চিৰিছটিকাৰ এছ বি হাইস্কুলত মাজুলীৰ সাহিত্য আৰু আঁহতগুৰি সন্মিলনে আয়োজন কৰা ৰাজহুৱা সভাই “সদৌ অসম মাজুলী আঁহতগুৰি সন্মিলন আৰু শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি থান পুনৰ প্ৰতিষ্ঠা”সেই মহা উৎসৱ ভাগি অহা ২১,২২,২৩ জানুৱাৰী/২০২৩ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্তৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনিৰ আঁতধৰে অন্যতম আহ্বায়ক ৰাজেন পূজাৰীয়ে। সভাই মহোৎসৱৰ স্থান তথা মণিকাঞ্চন থানখনি প্ৰতিষ্ঠা মাজুলী প্ৰশাসনৰ লগত আলোচনা সাপেক্ষে নিৰ্ধাৰণ কৰিবলৈ উদযাপন সমিতিক ৰাজহুৱা সভাই দায়িত্ব অৰ্পণ কৰে। ৰাজহুৱা সভাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী অসম, বিধায়ক ভূৱন গাম,মৃণাল শইকীয়া,ভৱেন ভড়ালী,সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা, মাজুলী জিলা উপায়ুক্ত পুলক মহন্ত,ৰাজচকচক্ৰ বিষয়া জয়দীপ ৰজক,ৰাজহচক্ৰ বিষয়া দেৰগাঁৱ,সচিব- শংকৰদেৱ কলাক্ষেত্ৰ পৃষ্ঠপোষক ৰূপে উদযাপন সমিতিত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। সভাই কেইবাখনো উপসমিতিৰ সভাপতি আৰু সম্পাদক নিৰ্বাচিত কৰি পূৰ্ণাঙ্গ ৰূপ দিবলৈ অনুমোদন জনায়। স্মৃতিগ্ৰন্থৰ বাবে শোভন বৰুৱাক উপদেষ্টা,বিননদ চন্দ্ৰ বৰুৱাক সভাপতি,ড০ উৎপল নাৰায়ণ গোস্বামী আৰু অজিত কুমাৰ বৰাক সম্পাদক, সাংস্কৃতিক উপসমিতিত সুৰেন্দ্ৰ নাথ বৰা সভাপতি,ৰঞ্জিত বৰুৱাক সম্পাদক,বিত্ত উপসমিতি সূৰ্য ভূঞা সভাপতি,ভবেন ফুকন সম্পাদক, প্ৰচাৰ উপসমিতি প্ৰণৱ চক্ৰৱৰ্তী সভাপতি, কুমুদ বৰাক সম্পাদক হিচাপে সমিতি কেইখন গঠন কৰে। সভাই আঁহতগুৰি সত্ৰসমূহ,চকলা,গজলা,ধোপাবৰ প্ৰভৃতি মাজুলীৰ সত্ৰ আৰু মাজুলী মুলৰ সত্ৰাধিকাৰসকল, আঁহতগুৰিৰ সকলো শিক্ষানুষ্ঠানৰ মুৰব্বী,পঞ্চায়তৰ মুৰব্বী,দিলীপ কুমাৰ ফুকন, প্ৰশান্ত দোলাকাষৰীয়া,যুগল হাজৰিকা ক উপদেষ্টা,লক্ষীধৰ ভুঞা, ৰামেশ্বৰ নেওগ,কমল দত্ত(মৰঙী),আনন্দ খাউণ্ড,পদ্ম পেগু,ঘন নেওগ, ভাগ্যৱতী দত্তক উপ-সভাপতি, শোভন বৰুৱা, গোবিন কুমাৰ খাউণ্ড,পুলেন বৰা,বিপুল গোস্বামী,অমৃত দত্ত প্ৰশান্ত বৰা,ড০ মানসপ্ৰতীম গোস্বামীক সহকাৰী সম্পাদক আৰু সভাত উপস্থিত সকলোকে কাৰ্যনিৰ্বাহক সদস্য ৰূপে নিৰ্বাচন কৰে। সভাত আঁহতগুৰি সন্মিলন উত্তৰপাৰ সমিতিৰ চন্দ্ৰনাথ শইকীয়া, ৰামেশ্বৰ নেওগ, বীৰেণ শৰ্মা, জিতুমণি বৰা, আঁহতগুৰি বৰ সত্ৰৰ সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামী, আঁহতগুৰি যমুনাখাট সত্ৰৰ সত্ৰাধিকাৰ চন্দ্ৰনাথ গোস্বামী,মৰঙী মৌজা সমিতি, মাজুলী সমিতি, দক্ষিণ পাৰ সমিতি ৰ লগতে বৃহৎ আঞ্চলৰ ৰাইজে অংশ গ্ৰহণ কৰে। মাজুলীৰ সাহিত্যৰ সম্পাদক গোবিন কুমাৰ খাউণ্ডে বক্তব্যত কয়, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই উত্তৰে লুহিত,দক্ষিণে দিহিং মাজৰ কলাকটাৰ পাৰত প্ৰতিষ্ঠা কৰা থান ভাগি সৰ্বশেষত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল। সেই থানভাগি আদিস্থান বৰ্তমানৰ মাজুলী আঁহতগুৰি মৌজাৰ এক সুচল স্থানত পুনৰ প্ৰতিষ্ঠাৰ যি প্ৰস্তুতি মাজুলীৰ সাহিত্য নামৰ সাহিত্য – সংস্কৃতি বিষয়ক স্বেচ্ছাসেৱী সংগঠন আৰু সংগঠনটোৰ উদ্যোগত গঠিত আঁহতগুৰি সন্মিলন নামৰ অনুষ্ঠান দুটাই ইতিমধ্যে আঁহতগুৰি মৌজাৰ এখন পূৰ্ণাংগ ইতিহাস ৰচনা কৰা আৰু ব্ৰহ্মপুত্ৰই স্থানান্তৰিত কৰা আঁহতগুৰি মূলৰ ইপাৰ- সিপাৰত থকা সকলক সংগঠিত কৰা কাম সমূহৰ বিষয়ে এক প্ৰতিবেদন দাখিল কৰে।

Home অসম আৰু উত্তৰপূব মাজুলী আহতগুৰিত নিৰ্মাণ হ’ব “মণিকাঞ্চন সংযোগ ক্ষেত্ৰ” “মাজুলীৰ সাহিত্য “আৰু “আঁহতগুৰি সন্মিলন”...