তিনিচুকীয়া ৫ আগষ্ট : অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত তথা চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ, তিনিচুকীয়াৰ সহযোগত দহদিনীয়া জলমিত্ৰৰ প্ৰশিক্ষণ শিবিৰৰ আজি শুভউদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে । জল জীৱন মিছনৰ অন্তৰ্গত তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত চাৰফ্ৰাজ হক , তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনিৰাম দাসৰ লগতে তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। এই প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে পানীৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঁচনি সমূহ সূচল কৰি ৰাখিবৰ বাবে জলমিত্ৰসকলক অনুৰোধ জনায়।