ধুবুৰী, ৫ আগষ্টঃ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ‘লোককল্যাণ দিৱস’ হিচাপে পালন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাপ্যনেৰে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰা হয়৷ ‘লোককল্যাণ দিৱস’ৰ কাৰ্যসূচীত ধুবুৰী জিলাৰ তিনিগৰাকী অ-ৰাজপত্ৰিত কৰ্মচাৰী ক্ৰমে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সঞ্জীৱ পাল চৌধুৰী, ধুবুৰী অতিৰিক্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ আৰবান এক্সটেনছন এডুকেটৰ পম্পী ৰাণী সাহা আৰু ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ অফিছ পিয়ন কাঞ্চন কুমাৰক আনুষ্ঠানিকভাৱে ‘লোকসেৱা বঁটা’ প্ৰদান কৰা হয়৷ সমৰ্পিত সেৱা, নিয়মানুৱৰ্তিতা আৰু সততাৰে কৰ্তব্য পালন কৰা বাবে তেওঁলোকক লোকসেৱা বঁটাৰ বাবে বাচনি কৰা হৈছে৷ এই বঁটাত আছে নগদ ২৫ হেজাৰ টকা, প্ৰমাণপত্ৰ আৰু এবছৰ চাকৰি কাৰ্যকাল বৃদ্ধি৷ অনুষ্ঠানত জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে আধুনিক অসমৰ ভেটি নিৰ্মাতা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে৷ এনেদৰে আমাৰ দেশ আৰু সমাজ গঢ়াত অপৰিসীম বৰঙণি যোগোৱা মহান ব্যক্তিসকলক কৰা স্মৰণে আমাক আৰু নৱ প্ৰজন্মক নতুন উদ্যমেৰে কাম কৰাৰ প্ৰতি উৎসাহিত কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী তথা ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যালে ভাৰতৰত্ন গোপীনাথ বৰদলৈয়ে অসমৰ উন্নতি, অসমীয়াৰ স্বাৰ্থ ৰক্ষা আৰু এখন শক্তিশালী ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ প্ৰসংগ উল্লেখ কৰে৷ লোকসেৱা বঁটা প্ৰাপক ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সঞ্জীৱ পাল চৌধুৰীয়ে ভাষণ প্ৰদান কৰি তেওঁৰ কামৰ স্বীকৃতি দিয়া বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু আগলৈও অধিক নিষ্ঠা আৰু সততাৰে কাম কৰি যাব বুলি কয়৷ অনুষ্ঠানত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বহুসংখ্যক ৰাইজ উপস্থিত থাকে৷