নেচনেল ডেক্স,৬ আগষ্টঃ দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়। এম ভেংকায়া নাইডুৰ স্থলাভিষিক্ত হ’ব জগদীপ ধনখড়। জগদীপ ধনখড়ৰ প্রতিদ্বন্দ্বী আছিল মাৰ্গাৰেট আলভা ।
৫২৮টা ভোট লাভ কৰে এন ডি এৰ উপ-ৰাষ্ট্রপতি পদৰ প্রাৰ্থীজনে। প্রতিদ্বন্দ্বী মাৰ্গাৰেট আলভাই লাভ কৰে ১৮২টা ভোট। ১১ আগষ্টত শপত গ্ৰহণ কৰিব নব-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।