গুৱাহাটী,৬ আগষ্টঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী দেশজোৰি অব্যাহত আছে। ১৫ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে সমগ্ৰ দেশতে চৰকাৰে স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰিছে। তেনে এক সময়তে ১৫ আগষ্টত আলফা স্বাধীনে সকলোকে স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে। ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান কৰিছে। আলফা স্বাধীনৰ লগতে এন এছ চি এন আৰু জি পি আৰ এক যৌথ বিবৃতি যোগে এই বন্ধৰ কথা ঘোষণা কৰিছে। অৱশ্যে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।