নলবাৰী, ৬ আগষ্টঃ টাই আহোম ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে বি জে পি নেত্ৰী আংগুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ অসমৰ ভূমি পূত্ৰ প্ৰাচীনতম কলিতা জনগোষ্ঠীক নানা তিৰ্য্যক মন্তব্য কৰা কাৰ্য্যৰ বিৰূদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে গৰিহণা দিয়াৰ লগতে জাঙুৰ খাই উঠিছে । শুক্ৰবাৰে নিশা সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলন সাধাৰণ সম্পাদক প্ৰতুল কলিতাসহ এটি সঁজাটি দলে তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাধৱ কোঁৱৰৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।উল্লেখ্য যে যোৱা ৫ আগষ্টত টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদব কোঁৱৰে সংবাদ মেল যোগে বিজেপি নেত্রী আংগুৰলতা ডেকাক সমলোচনা কৰিব গৈ ইতিহাস নথকা জনগোষ্ঠীৰ নৰ্তকী বুলি কোৱাৰ লগতে ইতিহাস নথকা ঢেকেৰী জনগোষ্ঠীৰ বুলি বাৰে বাৰে উল্লেখ কৰি কলিতা জনগোষ্ঠীটোক চুড়ান্ত অপমান কৰিছে। টাই আহোম ছাত্ৰ সন্থাই জনা উচিত আহোমে ১২২৮ চনত অসম আক্ৰমণ কৰিবলৈ আহি বৰ অসমৰ মতা হ’ব বিচাৰিছে । অসমৰ কলিতা আলপাইন সকল যে ভূমি পুত্ৰ তাৰ উদাহৰণ অসমীয়া ভাষা। কলিতাই সৃষ্টি কৰা অসমীয়া ভাষাটোক লৈ ফিতাহি মাৰি অসমৰ মুধাফুটা নেতা গিৰী কৰাটো কলিতা সকলে কোনো কালে সহ্য নকৰে । আহোমৰ উপদ্ৰৱত এদিন শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনা প্ৰান ৰক্ষাৰ বাবে পলাব লগা হৈছিল । এই কলংকৰ কথা অইনে পাহৰি গ’লেও কলিতা আলপাইন জনগোষ্ঠী য়ে পাহৰি যোৱা নাই । সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে অহা ২৪ ঘন্টাৰ ভিতৰত যদি তাই আহোম ছাত্ৰ সন্থাই ক্ষমা নোখোজে তেতিয়া হ’লে তেওঁলোকে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে। ইতিমধ্যে অসমৰ জিলা সমিতি সমূহে যাদব কোঁৱৰ নামৰ লোক জনৰ ওপৰত এজাহাৰ দিয়াৰ বাবে প্ৰস্তুতি চলাৰ লগতে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।।

Home অসম আৰু উত্তৰপূব টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ...