তিনিচুকীয়া ৬ আগষ্ট: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন আৰু ন্যায়, খাদ্য, অসামৰিক যোগান তথা গ্রাহক পৰিক্ৰমা আৰু সাধাৰণ প্ৰশাসন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰণজিৎ কুমাৰ দাসদেৱে আজি হাপজান উন্নয়ন খণ্ডৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত মাননীয় পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাসে এখন দেশৰ উন্নতি গ্ৰামাঞ্চলৰ উন্নয়নৰ জৰিয়তেহে সম্ভৱপৰ বুলি উল্লেখ কৰে। তেওঁ গাওঁসমূহৰ উন্নয়নৰ বাবে চৰকাৰে হাতত লোৱা বিভিন্ন উন্নয়নমূলক আচঁনিৰ সফল ৰূপায়নৰ বাবে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলত আচঁনিসমূহৰ সফল ৰূপায়নৰ বাবে পঞ্চায়তৰ সকলো প্ৰতিনিধি তথা বিষয়ববীয়াই উন্নতমানৰ প্ৰশিক্ষণ লাভ কৰাতো জৰুৰী বুলি মন্তব্য আগবঢ়ায়।আনহাতে গ্ৰামাঞ্চলৰ মহিলাসকলৰ আয় দুগুণ বৃদ্ধি কৰিব বাবেও উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ কথা মাননীয় মন্ত্ৰীগৰাকীয়ে আজিৰ সভাত উল্লেখ কৰে। আজি আধাৰশিলা স্থাপন কৰা জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ দ্বাৰা জিলাখনৰ গাওঁসমূহত মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব বুলিও মন্ত্ৰী শ্ৰী দাসে উল্লেখ কৰে। উপায়ুক্ত শ্ৰী নৰসিং পৱাৰে জিলা পঞ্চায়ত সমল কেন্দ্ৰটো তিনিচুকীয়া জিলাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ উল্লেখ কৰি কেন্দ্রটোয়ে অনাগত দিনত পঞ্চায়তৰ প্ৰতিনিধিবৰ্গৰ লগতে বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ বাবে যথেষ্ট সুবিধাজনক হ’ব বুলি মন্তব্য আগবঢ়ায়। জিলা উপায়ুক্তই গ্ৰামাঞ্চলৰ উন্নয়নৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰি দেশৰ সৰ্বাংগীন উন্নয়ন বাবে গাওঁসমূহৰ উন্নয়ন হোৱাটো নিত্যান্তই প্ৰয়োজনীয় বুলি অভিহিত কৰে।
আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ডিগবৈ সমষ্টিৰ বিধায়ক শ্ৰী সুৰেন ফুকন, ডুমডুমা সমষ্টিৰ বিধায়ক শ্ৰী ৰুপেশ গোৱালা, পঞ্চায়ত ও গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী মুনিন্দ্ৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি শ্ৰী ৰাজেন্দ্ৰ নাথ কৈৰী, আঞ্চলিক পঞ্চায়তৰ সভাপতি চিত্ৰা মজুমদাৰ, হাপজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সধনা কথাপি প্ৰমুখ্যে জিলাখনৰ কেউটা উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, পঞ্চায়ত প্ৰতিনিধিসকল, পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ অন্যান্য বিষয়া- কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে। আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি মাননীয় পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাসে হাপজান উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ৰ চৌহদত এটি গছপুলিও ৰোপণ কৰে।