গুৱাহাটী,৬ আগষ্টঃ দেশৰ ২৫খন ৰাজ্যৰ ভূগৰ্ভৰ পানীত আছে আৰ্চেনিক। এই কথা খোদ স্বীকাৰ কৰিছে জল শক্তি দপ্তৰৰ মন্ত্ৰীয়ে। খোৱা পানীৰ নামত এতিয়া হয়তো অধিকাংশ লোকেই খাবলগীয়া হৈছে আৰ্চেনিকযুক্ত পানী। ভাৰতৰ জনসংখ্যাৰ এটা বুজন অংশই প্রদূষিত পানী খাই আছে। এই কথা খোদ স্বীকাৰ কৰিলে জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে। ৰাজ্যসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে দিয়া উত্তৰত ওলাই পৰে যে ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ২০১খন জিলাত ভূগৰ্ভৰ পানীত আৰ্চেনিক আছে। ১৮খন ৰাজ্যৰ ১৫২খন জিলাৰ পানীত ইউৰেনিয়ামো পোৱা গৈছে। টুডুৱে দিয়া তথ্য মতে ২১ খন ৰাজ্যৰ ১৭৬খন জিলাত ভূগৰ্ভৰ পানীত সীহ পোৱা গৈছে। সেইদৰে ২৯খন ৰাজ্যৰ ৪৯১খন জিলাত খোৱাপানীত লো, ১১খন ৰাজ্যৰ ২৯খন জিলাত কেডমিয়াম আৰু ১৬খন ৰাজ্যৰ ৬২খন জিলাত ক্ৰমিয়ামৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ যে নিৰ্দিষ্ট পৰিমাণতকৈ খোৱাপানীত বেছি আৰ্ছেনিক, লো, সীহ, ক্রমিয়াম থাকিলে মানুহৰ ছালৰ ৰোগ, কৰ্কট ৰোগ, স্নায়ুৰ ৰোগ, এলঝেইমাৰ ৰোগ, পার্কিনছনছ, বৃক্কৰ ৰোগ, পেটৰ ৰোগ, টেমুনা আদি হয়। ভাৰতৰ ভূগৰ্ভৰ জলত বিভিন্ন ধাতু অতিৰিক্ত মাত্ৰাত আছে।
