লখিমপুৰ, ৭ আগষ্ট ;অসম “চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ণ, খাদ্য আৰু অসামৰিক যোগান, মন্ত্রী ৰঞ্জিত কুমাৰ দাসে আজি লখিমপুৰ জিলাৰ বহু কেইটা চৰকাৰী প্রতিষ্ঠানৰ শুভ উদ্বোধন কৰে । এই কর্মসূচীত মন্ত্রী গৰাকীয়ে প্রথমে পথালি পাহাৰত ৰুৰবান মিছনৰ অধীনত নির্মাণ কৰা কৃষি সেৱা আৰু বিকাশ কেন্দ্রটিৰশুভ উদ্বোধন কৰে । ইয়াত পিছতে ৰুৰবান মিছনৰ অধীনত পাহাৰত নিৰ্মাণ কৰা কৰা পশুপালন প্রশিক্ষণ কেন্দ্র, ২ নং ৰাজবাৰী বিহপুীয়াত নির্মাণ কৰা কৃষি সেৱা আৰু সংসাধন কেন্দ্র খোলাগুৰি বিহপুৰীয়াত নির্মাণ কৰা সূঁতা আৰু পাট ভৰাল কেন্দ্রটিৰ শুভ উদ্বোধন কৰে । মন্ত্রী গৰাকীয়ে বিহপুৰীয়া গাওঁ পঞ্চায়ত অধীনত কৃষি বিকাশ কেন্দ্রত অনুষ্ঠিত এখন বাজহুৱা সভাত অংশগ্রহণ কৰে। ৰাইজক উদ্দেশ্য কৰি দিয়া ভাষণত তেখেতে কয় যে, ডঃ শ্যামা প্রসাদ মুখার্জী করান পিনে আঁচনি অধীনত লখিমপুৰ জিলাখনলৈ ৪৫ কোটি টকা কৃষকৰ কৃষি কৰ্মৰ উন্নয়নৰ কাৰণে আবণ্টন দিয়া হৈছিল আৰু বর্ত্তমান জিলাখনত ৫০টা টকা কৃষিকার্য উন্নয়ন আঁচনিৰ কাম কৰি থকা হৈছে । তেখেতে কয় যে,যেতিয়ালৈকে কৃষকক আমি অর্থনৈতিকভাবে স্বাবলম্বী কৰিব নোৱাৰো তেতিয়ালৈকে আমি দেশক উন্নতি আৰু প্ৰগতিৰ পথলৈ আগুৱাই লৈ যাব নোৱাৰো । দেশ এখনও প্রকৃত উন্নয়ন হব লাগিব গ্রাম্য অঞ্চলত । গ্রাম্য অঞ্চলত উন্নতি আৰু কৃষক সমাজৰ কাম-কাজৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে এই শ্যামা প্রসাদ মুখার্জী ৰুৰবান মিচন আচনিখন ৰূপায়ন কৰিছিল ।পৰম্পৰাগত কৃষিক আহিলা হিচাপে লৈ উন্নতমান কৃষি পদ্ধতিৰে খেতি কৰিবলৈ তেখেতে কৃষকৰ লগতে উপস্থিত ৰাইজক আহ্বান জনায়।মন্ত্ৰীগৰাকীয়ে আজি চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মিত নাওবৈছা উন্নয়ন খণ্ড আৰু বগীনদী উন্নয়ন খণ্ডৰ সভাগৃহৰ উদ্বোধন কৰে । মন্ত্ৰী গৰাকীৰ এই কাৰ্য সূচীত বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা , জিলা উপায়ুক্ত সুমিত সাত্তাৱন , জিলা পৰিসদৰ কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ আদিয়ে অংশ গ্ৰহণ কৰে ।