লখিমপুৰ, ৭ আগষ্ট ; ভিয়েটনামৰ হো চি মিন চিটি মিউজিয়াম অৱ ফাইন আৰ্টছত শিল্পীসকলৰ মাজত কলাত্মক আৰু
সাংস্কৃতিক সহযোগিতাৰ পৰিসৰৰ ভিতৰত, ভাৰতীয় শিল্পীৰ এটা প্ৰতিনিধি দলক এক কলা বিনিময়লৈ আদৰণি জনোৱাৰ বাবে সন্মানিত কৰা হয় ভাৰতীয় শিল্পীক বিশেষকৈ ভিয়েটনাম-ইণ্ডিয়া আৰ্ট ৱৰ্কচপ আৰু প্ৰদৰ্শনীৰ উপলক্ষতেই যোৱা ২ আগষ্টত অনুষ্ঠিত এই শিল্পৰ অনুষ্ঠানত শিল্পৰ বিনিময় কৰা হয় । শিল্পী সকলৰ মতে উক্ত আয়োজন আছিল
অতি সজীৱ, । শিল্পীসকলে দুয়োখন দেশৰ সাংস্কৃতিক বৈশিষ্ট্য প্ৰদৰ্শন কৰি কলাত্মক সৃষ্টিশীলতাৰ মনোভাৱক প্ৰসাৰিত কৰে। ইয়াৰ উপৰিও দুয়োখন দেশৰ শিল্পীসকলেও একেলগে শিল্পৰ অভিজ্ঞতা লাভ কৰা-, আদান-প্ৰদান কৰা আৰু সংস্কৃতি – শিল্পৰ বিষয়ে জানিবলৈ সুযোগ পাইছিল। উল্লেখ যে ভিয়েটনামত অনুষ্ঠিত এই অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে অসমৰ লখিমপুৰৰ শিল্পী পৰেশ ভূঞাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ অন্য এদল শিল্পীয়ে ।পৰেশ ভূঞাই জানিবলৈ দিয়া মতে -উক্ত সংগ্ৰহালয়টোৱে সদায় আশা কৰে যে বিশেষকৈ হো চি মিন চহৰ আৰু সাধাৰণতে ভিয়েটনামৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে বিশ্বক পৰিচয় কৰাই দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত শিল্পী সকলক সুযোগ দিয়া ।উক্ত অনুষ্ঠানৰ জৰিয়তেই দেশখনৰ লগতেে আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলক আদৰণি জনোৱা আৰু তেওঁলোকৰ মত বিনিময় কৰাৰ সুযোগ দিয়া । এই উদ্দেশ্যতেই এই অনুষ্ঠানৰ আয়োজন কৰে ।

Home আন্তৰ্জাতিক ভিয়েটনামত সন্মানিত ভাৰতীয় শিল্পী অসমৰ পৰেশ ভূঞা ; কলাত্মক ,সংস্কৃতিক সহযোগিতাৰ পৰিসৰত...