মাৰ্ঘেৰিটা ৭ আগষ্টঃ উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ পৰা বৃহৎ পৰিমাণৰ লোহা চুৰি ঘটনা পোহৰলৈ আহিছে। নিশাৰ ভাগৰ কথা বাদেই বিগত প্ৰায় সপ্তাহজুৰি চলি আছে লোহাৰ চুৰি কাণ্ড।নীৰৱ হৈ আছে বিভাগীয় উদ্ধতম বিষয়াৰ লগতে একাংশ কৰ্মচাৰী।তিনিচুকীয়া জিলাৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অধীনত থকা বৃটিছ আমোলতে স্থাপন হোৱা টিপং কলিয়ৰীত এতিয়া চলিছে চোৰাং লোহাৰ ৰমৰমীয়া বেহা। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কয়লাখনিটোক ইতিমধ্যে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়াৰ বাবে উক্ত খনিত থকা লোহা সমূহ মাৰ্ঘেৰিটাস্থিত মুখ্য কাৰ্যালয়লৈ নিয়াৰ সমান্তৰালকৈ যোৱা দুদিন ধৰি ব্যাপক হাৰত চুৰি হোৱা বুলি জানিব পৰা গৈছে। চুৰি হোৱা লোহাখিনিৰ মূল্য প্ৰায় এশ কোটি মান হ’ব বুলি এক সূত্ৰই সদৰি কৰিছে। আনহাতে কোম্পানীৰ নিয়ম অনুসৰি এম এচ টি চিৰ অধীনত কলকতাত টেণ্ডাৰ হব লাগে কিন্তু কাৰ আশীৰ্বাদপুষ্ট হৈ দিনতে চোৰাং লোহা বেপাৰীয়ে অংগুষ্ঠ প্ৰদৰ্শন কৰি নিবলৈ সাহস পালে তাকে লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিভিন্ন পক্ষক মেনেজ কৰি লোহাৰ ৰমৰমীয়া ব্যৱসায় চলাইছে বুলি অঞ্চলটোত চৰ্চা হৈছে।

উল্লেখ্য যে টিপং কলিয়ৰীত থকা দুটাকৈ ষ্টিম ইঞ্জিন পৃথিৱী বিখ্যাত, ইয়াৰে ডেভিড নামৰ ষ্টিম ইঞ্জিনটো চাবলৈ বিভিন্ন সময়ত বহু বিদেশী পৰ্য্যটক টিপং কলিয়াৰিলৈ আহে। এতিয়া এই ইঞ্জিনটোও চোৰৰ হাতোৰা পৰাৰ সম্ভৱনা প্ৰৱল হৈ পৰিছে।