গুৱাহাটী,৭ আগষ্টঃ এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া। গ্ৰেপ্তাৰ হ’ল সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত আৰক্ষী বিষয়া দাস। গোৱালপাৰাত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল উপ-পৰিদৰ্শকজন। ঘোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া দাস। মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ জালত পৰে ঘোচখোৰ আৰক্ষী বিষয়াজন। তেওঁ মাটিয়া আৰক্ষী থানাত কৰ্মৰত আছিল। থানাৰ ভিতৰতে ঘোচ লৈছিল আৰক্ষী বিষয়াজনে।