চিৰাং, ০৭ আগষ্টঃ চিৰাং জিলাৰ বিজনী ভাংনামাৰী ভিচিডিচিত PMAY আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম ভিচিডিচিৰ সভাপতি ছাইদুৰ ৰহমানৰ বিৰুদ্ধে। টেকাইমাৰীৰ গাঁৱৰ আমিনুল ইছলামক ঘৰ দিয়াৰ নামত ধন দাবীৰ অভিযোগ গাঁৱৰ মেম্বাৰ মালেক উদ্দিন আৰু VCDC ৰ সভাপতি ছাইদুৰ ৰহমানৰ বিৰুদ্ধে সামাজিক মাধ্যমত অডিও ৰেকৰ্ডিং ভাইৰেল ১০ হাজাৰ টকা নিদিয়াৰ বাবে কৰ্তন কৰিলে চৰকাৰী গৃহ। এনেদৰে নামি পৰিছে বিজনীত ইউ পি পি এল দলৰ ভাংনামাৰী ভিচিডিচিৰ সভাপতিয়ে ধন সংগ্ৰহ কৰাত। মুখ্য মন্ত্ৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ইউ পি পি এল দলৰ ভিচিডিচিৰ একাংশ সভাপতিয়ে ভিতৰুৱা গাঁৱ অঞ্চলত নামি পৰিছে ধন সংগ্ৰহত, টকা ভিচিডিচিৰ সভাপতিয়ে কত কত চৰকাৰী কাৰ্যালয়ত দিবলগীয়া হয় শুনক Aoudio ৰেকৰ্ডিংত। সভাপতি কয় বাবা তুমিযে দেৰি কৰি আছোঁ তাত অনলাইন বন্ধ থাকিলে ভেজাল হৱ, ভুক্তভোগীয়ে কয় বুজি পোৱা নাই কথাটো সভাপতি কয় পাক্কা ঘৰ খিনি এভেকচন কৰা হৈছে তথা কাঠা যাব। ওপৰৰ পৰা আলোচনা কৰি চিষ্টেম টো কৰা হৈছে। আপুনি সোনকালেই আহি টকা খিনি দি Active কৰিলোক। কিমান দিব লাগিব সভাপতিৰ উত্তৰ ১০ হাজাৰ দিলে হৱ, নহ’লে তাৰ আগতে কাৰ টকাৰে active কৰিব, সিহঁতক দিলে হে কৰিব, আমাৰ কাৰণে তো ঘোষ নাই, সকলোৱে দিয়া শেষ কৰিলে। এনেদৰে বড়বোবাজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাংনামাৰী ভিচিডিচিত চলিছে অবাধ দুৰ্নীতি।