নিউজ ডেক্সঃ জন্মগতভাৱে এখন দেশৰ নাগৰিক হোৱাৰ পিছত আন এখন দেশৰ নাগৰিক হোৱাটো ইতিহাসত বিৰল নহয়। কেতিয়াবা কামৰ বাবে, কেতিয়াবা বৈবাহিক সম্পৰ্কৰ বাবে, কেতিয়াবা বহুলোকে সুখ আৰু সান্ত্বনাৰ বাবে আন দেশলৈ প্ৰব্ৰজন কৰে। বিশেষকৈ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশৰ পৰা প্ৰথম বিশ্বৰ ধনী দেশত বহুতেই থাকিবলৈ সিদ্ধান্ত লোৱা দেখা যায় । কিন্তু আন এখন তৃতীয় বিশ্বৰ দেশলৈ গৈ স্থায়ী বসতি স্থাপন কৰিবলৈ আগ্ৰহী হোৱাটোৱেই সৃষ্টি কৰে এক প্ৰশ্নৰ ?শেহতীয়া জানিব পৰা মতে, ২০১৯ চনত কোনো ভাৰতীয় নাগৰিকে পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণ কৰা নাছিল। কিন্তু ২০২০ চনত ৭ জন ভাৰতীয়ই এই পথত ভৰি দিয়ে আৰু ২০২১চনত, সেই সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। এই দুয়োখন চুবুৰীয়া দেশৰ মাজত এক চিৰস্থায়ী শত্ৰুতা থকাৰ লগতে পাকিস্তানৰ পৰিস্থিতি অৰ্থনৈতিকভাৱেও ভাৰততকৈ একেবাৰে বেয়া । আনকি ৰাজনৈতিকভাৱেও, দেশখন অলপ পিছত আছে। এনে পৰিস্থিতিত, বহুলোকে কিয় ভাৰতৰ পৰা পাকিস্তানলৈ স্থায়ীভাৱে যোৱাৰ সিদ্ধান্ত লৈছে? ইয়াৰ আঁৰত কোনো গুৰুতৰ কাৰণ আছে নেকি? নে ই এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ ইংগিত এয়া সময়তহে হ’ব লক্ষ্যণীয়।