গুৱাহাটী,৭ আগষ্টঃ এইবাৰ দিছপুৰ থানাত উপস্থিত হৈ এহাজাৰ দাখিল কৰিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছে। কিছুদিন পূৰ্বে সমাজিক মাধ্যমত কোনো দুষ্টচক্ৰই অডিঅ’ বিকৃত কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগত ৰাজ্যিক বিজেপিয়ে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ। এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে প্ৰদেশ মহিলা কংগ্ৰেছে। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এটা সজাতি দল আজি দিছপুৰ থানাত উপস্থিত হৈ ৬ আগষ্টত গোলাঘাট জিলা কিষান মৰ্চাৰ সহ-আহ্বায়ক ঋতু বৰাই সামাজিক মাধ্যমত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী সন্দৰ্ভত অশালীন মন্তব্য কৰাৰ লগতে মহিলা সমাজক অভব্য আচৰণ কৰাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ যোগেদি প্ৰদেশ মহিলা কংগ্ৰেছে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনায়। প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰৰ নেতৃত্বত যোৱা সজাতি দলটোৱে এজাহাৰত সকলো তথ্য প্ৰমাণ জমা দিয়ে। লগতে এজাহাৰৰ কপি আৰক্ষী সঞ্চালক প্ৰধান আৰু মহানগৰ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰে। সভানেত্রী মীৰা বৰঠাকুৰে কয় যে দোষীক শাস্তি নিদিয়া পৰ্যন্ত প্ৰদেশ মহিলা কংগ্ৰেছে আইনগত যি কৰিব লগা আছে সেই সকলো ব্যৱস্থা গ্ৰহন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে যদিও সমালোচনাৰ নামত আশুৰিক তৃপ্তি কেতিয়াও কাম্য নহয়। এইক্ষেত্রত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি লক্ষ্য কৰিম বুলি তেওঁ কয়।