লখিমপুৰ, ৮ আগষ্ট ; লখিমপুৰত দুপৰ নিশা কাল ধুমুহাৰ তাণ্ডবত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ধুমুহাত গছ পৰি ঘৰৰ ভিতৰতে মৃত্যু হল এজনৰ । লখিমপুৰত দোভাগ নিশা অহা এজাক কাল ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে বিভিন্ন অঞ্চলৰ । নগৰৰ সমীপৰ বগলীজান, জহিং, ডিজু, কাকৈ ৰাজগড় আদিকে ধৰি বিভিন্ন অঞ্চল কাল ধুমুহাৰ কবলত পৰি চুৰমাৰ হৈ পৰে । ডিজু গ্ৰান্টত টনচিলা গোপাল নামৰ ৪৬ বছৰীয়া এজন লোকৰ ঘৰৰ ভিতৰতে মৃত্যু হয় । চাৰিজনীয়া পৰিয়ালটোৰ ঘৰৰ ওপৰতে গছ বাগৰি পৰাৰ ফলত তেওৰ মৃত্যু হয় ।
সৌভাগ্য ক্ৰমে তেওৰ সৈতে শুই থকা দুবছৰীয়া কন্যা সন্তান টো ৰক্ষা পৰে। বহু স্থানত গছ গছনি ভাগি যাতায়াত ব্যাহত হৈ পৰিছে । গছ পৰি বিদ্যুৎ পৰিবাহী তাৰ ছিগি পৰাৰ ফলত বিভিন্ন অঞ্চলত বিজুলী সংযোগো ব্যাহত হৈ পৰে।