লখিমপুৰ, ৮ আগষ্ট : বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত বিদ্যুৎ কর্মী, বিষয়া অভিযন্তাই যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তালৈ পূৰ্ণ সমর্থন আগবঢ়াইছে উত্তৰ লখিমপুৰ মণ্ডলে। সমগ্র দেশজুৰি যি বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ গৃহীতকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই বিধেয়ক বাতিলৰ দাবীতে আজি লখিমপুৰত দণ্ডিধৰ বৰগোঁহাই, চন্দন ভূঞাৰ নেতৃত্বত বিদ্যুৎ কর্মচাৰী, বিষয়া, অভিযন্তাই কর্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে সমগ্র দেশজুৰি সমূহ কৰ্মচাৰী-বিষয়া-অভিযন্তাই যি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে তালৈ উত্তৰ লখিমপুৰ মণ্ডলে পূর্ণ সমর্থন আগবঢ়াইছে বুলি ভূঞা আৰু বৰগোহাইয়ে জানিবলৈ দিয়ে। উত্তৰ লখিমপুৰ বিদ্যুৎ বিভাগৰ প্ৰাংগণত উত্তৰ লখিমপুৰ বিদ্যুৎ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ শৰ্মাৰ উপস্থিতিত সমূহ বিষয়া-কর্মচাৰী একত্ৰিত হৈ বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবী জনায় অবস্থান ধর্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।