তিনিচুকীয়া ৯ আগষ্ট: অসম চৰকাৰৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো আজি মুক্তিযুঁজাৰু তথা মুক্তিযুঁজাৰুৰ পৰিয়ালক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভাৰত ত্যাগ আন্দোলন দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহচক্ৰৰ অন্তৰ্গত গাভৰুভেটী ফিলবাৰীৰ নিবাসী ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা স্বাধীনতা সেনানী শ্ৰীযুতা সত্যলতা গগৈ মহোদয়াক তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা স্বগৃহতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তিনিচুকীয়া জিলা প্ৰশাসনৰ হৈ ডুমডুমা ৰাজহচক্ৰ বিষয়া (সংলগ্ন) শ্ৰীমতী সুৰঞ্জিতা শৰ্মাই স্বাধীনতা সেনানীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। তিনিচুকীয়া গেলাপুখুৰী পথ নিবাসী প্ৰয়াত মুক্তিযুঁজাৰু লীলা বৰাৰ সহধৰ্মিণী শ্ৰীযুতা ৰুপা বৰা মহোদয়াকো তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হয়। তিনিচুকীয়া ৰাজহচক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) ডিম্পী ভট্টাচাৰ্যীয়ে জিলা প্ৰশাসনৰ হৈ প্ৰয়াত মুক্তিযুঁজাৰুগৰাকীৰ পত্নীক সম্বৰ্ধনা জ্ঞাপন কৰে। তিনিচুকীয়াৰ মাকুম নিবাসী প্ৰয়াত মুক্তিযুঁজাৰু নকুল চন্দ্ৰ বৰুৱাৰ সহধৰ্মিণী শ্ৰীযুতা বৰদা বৰুৱা মহোদয়াক তিনিচুকীয়া জিলা প্ৰশাসনে সম্বর্ধনা জ্ঞাপন কৰে। জিলা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত শ্ৰীমতী অপৰুপা বৰগোহাঁইয়ে প্ৰয়াত মুক্তিযুঁজাৰুগৰাকীৰ পত্নীক সম্বৰ্ধনা জ্ঞাপন কৰে।