অভয়াপুৰী, ৯আগষ্টঃ অভয়াপুৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ত্ৰিৰংগা যাত্ৰা। দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ অমৃত মহোৎসৱ উপলক্ষে ১০০ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ অভয়াপুৰী ৰাসপথাৰৰ পৰা শুভাৰম্ভ কৰা শোভাযাত্ৰাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত সমাপ্ত হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ-বীৰাংগনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে। উক্ত শোভাযাত্ৰাত সহস্ৰাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।