মাৰ্ঘেৰিটা ৯ আগষ্টঃ তিনিচুকীয়া জিলা অন্তৰ্গত মাৰ্ঘেৰিটাত একাংশ ব্যৱসায়ীয়ে নামানে চৰকাৰী নীতি নিদ্দেশনা। তিনিচুকীয়া জিলা শ্ৰম অধীক্ষকৰ নিদ্দেশনা অনুসৰি মঙলবাৰে নগৰখনৰ বুঢ়ীদিহিং নৈ এই পাৰৰ দোকান পোহাৰ তথা ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিব লাগে। কিন্তু মাৰ্ঘেৰিটা নগৰৰ একাংশ ব্যৱসায় প্ৰতিষ্ঠানে প্ৰশাসনৰ এই নিদ্দেশনাক ভৰিৰে মোহাৰি পেলোৱা দেখা গৈছে। একাংশ ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকীয়ে প্ৰশাসনৰ এই নিৰ্দেশনাক অঙ্গুষ্ঠ প্ৰৰ্দশন কৰি মঙলবাৰেও দোকানৰ চাটাৰ খুলি ব্যৱসায় কৰি আহিছে। আজি মঙলবাৰ হোৱা হেতুকে নগৰৰ খনৰ এইটো পাৰৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ ৰূপে বন্ধ ৰাখিব লাগে। কিন্তু নগৰখনৰ ভেনাৰ মিল বজাৰ, ব্লক তিনিআলি, লাজুম আদি অঞ্চলত একাংশ দোকানৰ গৰাকীয়ে প্ৰসাশনৰ দূৰ্বলতাৰ সুযোগ লৈ গেলামালৰ দোকানসমূহ খুলি ৰখা পৰিলক্ষিত হয়। প্ৰশাসনৰ নীতি নিৰ্দেশনা নমনা ব্যৱসায় প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাৱ।
