গুৱাহাটী,৮ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ কেবিনেটত অসম মটৰ ভেহিকল ২০০৩ৰ সংশোধন কৰা হৈছে। সংশোধনীৰ অধীনত জব্দ কৰা গাড়ী ৯০দিনৰ পিছত নিলাম কৰিব পাৰিব। সংশোধন কৰা হৈছে ৰাজহ-দুৰ্যোগ প্রশমন বিভাগৰ আইনো। পাটোৱাৰী, মণ্ডল, আমিনসকলেও ৩ শতাংশ ইনক্রিমেণ্ট পাব। আসাম লজিষ্টিক ২০২২ গ্রহণ কৰিছে অসম চৰকাৰে। পলিচিৰ অধীনত যিকোনো কাম সুচাৰুৰূপে কৰিব পাৰিব। পেঞ্চনাৰ সকলৰ বাবে আইনৰ কিছু সংশোধন কৰা হৈছে। পঞ্চায়ত, এছিষ্টেণ্ট বিডিঅ’সকলে ১৩ বছৰত প্রমোচন পাব। উপায়ুক্ত সকলকো কিছু অধিকাৰ দিয়া হৈছে। গ্রামাঞ্চলত সুৰাৰ বিপণীৰ অন লাইচেঞ্চক অফ লাইচেঞ্চ কৰিব পাৰিব। ৪৫ দিনৰ ভিতৰত কৰিব পাৰিব এই কাম। গ্রামাঞ্চলত বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব। ২০ আগষ্টত বানত ঘৰ নষ্ট হোৱাসকলক ক্ষতিপূৰণ দিয়া হ’ব। ১২৩ কোটি টকা বানত ঘৰ ক্ষতি হোৱা সকলক দিয়া হ’ব। বানত সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰ আছিল ৫,৫৩২টা। পাহাৰ এলেকাত ১ লাখ ১৯০০ হাজাৰ টকা পাব। ৯৫ হাজাৰ টকা পাব সমতল অঞ্চলত বাস কৰা সকলে। সকলোৰে একাউণ্টত সোমাব এই ধন। মণিপুৰত মৃত্যু আৰু নিখোজ হোৱা ২০জনৰ পৰিয়ালয়লৈ ২ লাখ টকা দিয়া হ’ব। আহত ৫জনক ২৫ হাজাৰকৈ টকা দিয়া হ’ব।