গুৱাহাটী,১০ আগষ্টঃ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি ‘হৰ ঘৰ ত্ৰিৰংগা’কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকৰ গৃহলৈ গৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে পোনতে প্রাক্তন সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকীৰ ৰুক্মিনীগাঁও পথস্থিত বাসগৃহলৈ গৈ অসমীয়া শিপিনীয়ে তাঁত শালত বোৱা জাতীয় পতাকা উপহাৰ দিয়াৰ লগতে তেওঁৰ সৈতে বাৰ্তালাপ কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে হেঙেৰাবাৰীৰ হাউচিং কমপ্লেক্সস্থিত বাসগৃহত বিশিষ্ট সাংবাদিক যদু কাকতিক সাক্ষাৎ কৰি জাতীয় পতাকা উপহাৰ দিয়ে। মুখ্যমন্ত্রীয়ে বিশিষ্ট সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সম্পর্কতো মত-বিনিময় কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ শৰণীয়াস্থিত কস্তুৰবাগান্ধী আশ্ৰমলৈও যায়। জাতিৰ পিতা মহাত্মা গান্ধীৰ পদৰেণুৰে ৰঞ্জিত আশ্ৰমখনৰ আৱাসীসকলক তেওঁ হস্ততাঁতেৰে নিৰ্মিত জাতীয় পতাকা উপহাৰ হিচাপে আগবঢ়ায়। মুখ্যমন্ত্রীয়ে আশ্ৰমখনৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভতো আৱাসীসসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্রাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ পূব শৰণীয়াস্থিত বাসগৃহলৈ গৈ স্বাধীনতাৰ অমৃত মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ত্ৰিৰংগা পতাকা উপহাৰ হিচাপে আগবঢ়ায়। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালনৰ লগতে ত্ৰিৰংগ পতাকা ইজনে সিজনক উপহাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানকল্পে জাতীয় পতাকা উপহাৰৰ এই মধুৰতম পদক্ষেপ অব্যাহত ৰখা বুলি মুখ্যমন্ত্রীয়ে জানিব দিয়ে। এই সাক্ষাৎকালৰ সময়ত ৰাজ্য সভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কুইন ওজা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত উপস্থিত থাকে।