নেচনেল ডেক্স,১০ আগষ্টঃ অষ্টমবাৰৰ বাবে আজি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে। আনহাতে আৰ জে ডিৰ নেতা তেজস্বী যাদৱে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে। ৰাৱড়ী দেৱী, জিতন ৰাম মাঁঝিকে ধৰি বিহাৰৰ বহু ৰাজনৈতিক নেতাৰ উপস্থিতি এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এন ডি এৰ পৰা আঁতৰি অহা নীতিশ কুমাৰে বিহাৰত চৰকাৰ চলাই নিবলৈ আৰ জে ডি, কংগ্ৰেছৰ সৈতে মুঠ ৭ টা দলৰ সমৰ্থনত মৰ্চা গঠন কৰিছে। খুব কম সময়ৰ ভিতৰতে বিহাৰৰ ৰাজনীতিৰ পৰিৱেশ-পৰিস্থিতি সলনি হোৱাত নীতিশ কুমাৰে মঙ্গলবাৰে ৰাজ্যপাল ফাগু চৌহানক দুবাৰকৈ সাক্ষাৎ কৰি প্ৰথমবাৰ মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰাৰ সমান্তৰালকৈ দ্বিতীয়বাৰ তেজস্বী যাদৱৰ সৈতে আন আন নেতাৰ লগত চৰকাৰ গঠনৰ দাবী কৰে। ৰাজ্যপালক ১৬৪ জন বিধায়কৰ সমৰ্থনৰ তালিকা দাখিল কৰে। উল্লেখ্য যে বিহাৰ বিধানসভাত আছে ২৪২ খন আসন। সেই অনুসৰি চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১২২ জন সদস্যৰ সমৰ্থন। ১৬৪ জন বিধায়কৰ সমৰ্থন পোৱাৰ পিছতে নীতিশ কুমাৰ পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাট মুকলি হয়। নীতিশ কুমাৰে চৰকাৰ গঠনৰ ক্ষেত্ৰত নিজৰ দলৰ ৪৫ গৰাকী বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়কৰ সমৰ্থনৰ উপৰিও আৰ জে ডিৰ ৭৯ গৰাকী বিধায়ক, কংগ্ৰেছৰ ১৯ জনৰ উপৰি আন কেইবাটাও দলৰ সমৰ্থন লাভ কৰিছে।