জুৰীয়া, ২০আগষ্টঃ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত খৰঙী গাঁৱৰ ৰিজাৰ্ভত জুৰীয়া আৰক্ষীৰ অভিযানত আটক চাৰিটাকৈ ড্ৰাগচ সৰবৰাহকাৰী। সৰবৰাহকাৰী কেইটাৰ পৰা ৩০টাকৈ ড্ৰাগছ (হিৰোইন) ভৰ্ত্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছখিনিৰ ওজন ৪.২২ গ্ৰাম। উল্লেখযোগ্য যে খৰঙী গাঁৱৰ ৰিজাৰ্ভত জনবসতি পাতলীয়া হোৱা হেতুকে ড্ৰাগচ সৰবৰাহৰ বাবে দীৰ্ঘদিন ধৰি বাচি লৈছিল এই ঠাইডোখৰ। জুৰীয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় । সৰবৰাহকাৰী কেইটাৰ নাম জহিৰুল ইছলাম, আব্দুল হামিদ, ৰাব্বুল ইছলাম আৰু আনাৰুল ইছলাম।