ৰঙিয়া, ১০ আগষ্টঃ সৰ্বশিক্ষা মিচনৰ জৰিয়তে ৰাজ্য চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়োৱা মধ্যহ্ন ভোজনত ব্যপক খেলিমেলি কৰিছে ৰঙিয়াৰ এখন বিদ্যালয়ে । মধ্যহ্ন ভোজনৰ তালিকা মতে ছাত্ৰী সকলক দুপৰীয়াৰ আহাৰ যোগান নধৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ।

ৰঙিয়াৰ অগ্ৰণী স্ত্ৰী শিক্ষাৰ অনুষ্ঠান ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এনে কাণ্ড ।
বিদ্যালয়খনৰ অধ্যক্ষ দ্ৰোন গগৈয়ে নিজৰ মই মতালিত মধ্যহ্ন ভোজনৰ খাদ্য যোগান ধৰিছে ছাত্ৰী সকলক । চৰকাৰে দিয়া ধন ৰাহি কৰি নিজৰ একাউণ্ট মজবুত কৰিবলৈ প্ৰধান শিক্ষকে প্ৰায়ে ছাত্ৰী সকলক খুৱাই খিচিৰী ।
সৰ্বশিক্ষা মিচনৰ তালিকা মতে আজি অৰ্থাৎ বুধবাৰে ছাত্ৰী সকলক কণী, দালি আৰু স্থানীয় ব্যঞ্জনৰে দুপৰীয়াৰ আহাৰ যোগান ধৰিব লাগে ।
কিন্তু তালিকাত থকা ধৰণে খাদ্যৰ যোগান নধৰি নানা অজুহাত দেখুৱাই প্ৰধান শিক্ষক জনে খিচিৰী খাবলৈ দিয়ে ।
প্ৰধান শিক্ষকজনৰ এনে কাণ্ড দেখি বিদ্যালয়খনত সাংবাদিকৰ দল উপস্থিত হোৱাত চালে -বেৰে কোবোৱা উত্তৰ দি দায় সাৰিব বিছাৰে প্ৰধান শিক্ষক গৰাকীয়ে ।
অকল টকা ৰাহি কৰাৰ অংকত থকা প্ৰধান শিক্ষকগৰাকীৰ এনে কাণ্ডত সকলোৱে আচৰিত মানিছে । এই ক্ষেত্ৰত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হ’ব ।