অভয়াপুৰী , ১১ আগষ্ট : অভয়াপুৰীত নৃশংস হত্যাকাণ্ড । বন্ধুৱে ল’লে বন্ধুৰ প্ৰাণ । এই ঘটনা সংঘটিত হৈছে অভয়াপুৰীৰ ধুলাউৰাত । মুকুন্দ সুত্ৰধৰ নামৰ ব্যক্তিজনে নিজ বন্ধু অজয় নাথক নিশা ৩ মান বজাত চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে। অত্যাধিক মদ্যপান কৰি বন্ধুৰ সৈতে তৰ্ক বিতৰ্ক হয়, আৰু তাৰ পাছতেই অজয় নাথক ডেগাৰেৰে হানি খুচি হত্যা কৰা হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ইতিমধ্যে হত্যা কৰা ঘটনাটো নিজ মুখে স্বীকাৰ কৰিছে হত্যাকাৰী মুকুন্দ সুত্ৰধৰে । সংকটজনক অৱস্থাত অজয় নাথক নিশা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও দুৰ্ভগীয়া অজয় নাথে শেষ নি:শ্বাস ত্যাগ কৰে। আৰু তাৰ পাছতেই ধুলাউৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিৰ ।হত্যাকাৰী মুকুন্দ সুত্ৰধৰক আটক কৰে উত্তৰ শালমাৰা আৰক্ষীয়ে।এই সন্দৰ্ভত এতিয়াও আৰক্ষীৰ তদন্ত চলি আছে ।
