ৰূপহীহাট, ১১ আগষ্টঃ আপ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ ৰূপহীহাটৰ পঞ্চায়তে পঞ্চায়তে নুৰুল আমিন চৌধুৰীয়ে কৰি আছে ইখনৰ পিছত সিখন সভা।
জুৰীয়াৰ শিঙাৰীত আম আদমি পাৰ্টীৰ সদস্য ভৰ্তি অভিযান।
সভাত আন দলৰ দুই শতাধিক লোকৰ দলত যোগদান।
মানুহে সাম্প্ৰদায়িক ৰাজনীতিত অতিষ্ঠ হৈছে।
দুৰ্নীতি ভ্ৰষ্টাচাৰে দেশখন শেষ কৰিছে সেইবাবে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত হিলদ’ল ভাঙি মানুহে এই দলত যোগদান কৰি আছে বুলি চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।