শিৱসাগৰ, ১১আগষ্টঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো আজি পবিত্ৰ ৰাখি বন্ধন পালন কৰা হয়।ভাতৃভগ্নীৰ মৰম স্নেহ বন্ধনৰে সম্পৰ্ক অটুত ৰখা মানসেৰে ভাৰতীয় জনতা পাৰ্টিয়ে এই উৎসৱটি স্নেহ বন্ধন হিচাপে পালন কৰে।ৰাজ্যিক মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি শিৱসাগৰ জিলা মহিলা মৰ্চাৰ উদ্যোগত পালন কৰা হয় এই পবিত্ৰ ৰাখী বন্ধন | যি সকল আৰক্ষীয়ে জনসাধাৰণ হকে সেৱা আগবঢ়াই আহিছে । সেই সকল আৰক্ষী লোকক ৰাখী পিন্ধাই আৰু মিঠাই বিলাই শুভেচ্ছা জনায়।আজিৰ ৰাখী বন্ধন অনুষ্ঠানত ৰাজ্যিক মহিলা মৰ্চাৰ উপ সভানেত্ৰী দীপিকা দূযুৰী, বি জে পিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ববী কাকতি ,সাধাৰণ সম্পাদিকা বৰ্ণালী বৰা,খেলুৱা মণ্ডলৰ সাধাৰণ সম্পাদিকা, ৰাজশ্ৰী , নগৰ মণ্ডলৰ গিতা , গিতায়লি দত্তকে আদি কৰি বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰে।আনহাতে শিৱসাগৰ জিলাৰ ১৩টা মণ্ডলত এই কায্যসূচী পালন কৰা হয়।
