চতিয়া, ১১আগষ্টঃ চতিয়া সমষ্টিৰ অন্তৰ্গত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে আজি “ঘৰ ঘৰ ত্ৰিৰংগা“ শীৰ্ষক এক সজাগতা কাৰ্যসূচী ৰূপায়ন কৰে ৷ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে বিদ্যালয়ৰ কতৃপক্ষই এলানি কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ অন্যতম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ শিক্ষকসকলৰ বিশেষ তৎপৰতাত ছাত্ৰ-ছাত্ৰীসকলে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতাৰে এক বিশাল চাইকেল ৰেলীৰে নিকটবৰ্ত্তী অঞ্চলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হৰ ঘৰ ত্ৰিৰংগা, বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি শ্ল’গানৰে গাঁৱে গাঁৱে আগবাঢ়িল এক তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ চাইকেল ৰেলী ৷ জেষ্ঠ শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে আঁত ধৰা এই বিশাল চাইকেল ৰেলীৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰেলীৰ শুভাৰম্ভ কৰে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাই ।