গুৱাহাটী,১৩ আগষ্টঃ অসম সাংবাদিক পেঞ্চন আঁচনিৰ অধীনত চলিত বৰ্ষৰ পেঞ্চনাৰসকলৰ নাম আজি ঘোষণা কৰা হয়। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া এই পেঞ্চন চলিত ২০২২ বৰ্ষৰ এপ্রিল মাহৰ পৰা কাৰ্যকৰী হ’ব। চৰকাৰী সাংবাদিক পেঞ্চন লাভ কৰা সংবাদিকসকল হৈছে ক্ৰমে উৎপল বৰদলৈ (কামৰূপ মহানগৰ), প্রদীপ ঘোষ (দৰং), মছলেম উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ মহানগৰ), ইমৰান হুছেইন (ওদালগুৰি), বাচা বৰা (চৰাইদেউ), পদ্ম সিং (কামৰূপ মহানগৰ), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ মহানগৰ), মণি শংকৰ পুৰকায়স্থ (কাৰ্বি আংলং) মদন মোহন অধিকাৰী (কাছাৰ), ৰামলাল সিনহা (কামৰূপ মহানগৰ), বিনয় কুমাৰ শৰ্মা (কামৰূপ মহানগৰ), ৰবীন বৰুৱা (কাৰ্বি আংলং), সমীন্দ্ৰ নাথ (কামৰূপ মহানগৰ), ঈশ্বৰ প্ৰসাদ তামুলী (গোলাঘাট), কুমুদ চন্দ্ৰ ডেকা (নলবাৰী), ললিত চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ) আৰু ৰত্নেশ কুমাৰ (কামৰূপ মহানগৰ)। উল্লেখ যে অসম চৰকাৰে এই আঁচনিখন ১৯১৭-১৮ বৰ্ষত আৰম্ভ কৰিছিল।
প্ৰতিবছৰে ২০ গৰাকীকৈ সাংবাদিক তেওঁলোকৰ আবেদনৰ ভিত্তিত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে এই আঁচনিৰ বাবে বাচনি কৰা হয়। এনেদৰে যোৱা ৫ বছৰ মিলি মুঠ ১০০ গৰাকী সাংবাদিকে এতিয়ালৈ প্ৰতিমাহে ৮,০০০ টকাকৈ এই পেন্সন লাভ কৰি আছে। চলিত
বৰ্ষত বাচনি কৰা ২০ গৰাকীৰে এই সংখ্যা ১২০ হৈছে।