লখিমপুৰ ষ্টাফ ৰিপটাৰ ১৩ আগষ্ট : লখিমপুৰত জিলা প্ৰশাসন, সংশ্লিষ্ট বিভাগৰ দায়িত্বহীনতাৰ বাবে নকল,ভেজাল সামগ্ৰীয়ে চৌদিশ চানি ধৰিছে । খাদ্য সামগ্রীকে ধৰি নিত্যব্যৱহায্য সামগ্ৰী এতিয়া লখিমপুৰ নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত সুলভ যদিও এইবোৰ উৎখাট কৰাৰ ক্ষেত্ৰত সময়োচিত পদক্ষেপ নোলোৱাৰ বাবে দিনক দিনে এনে ভেজাল সামগ্ৰীৰ ব্যাপক প্ৰয়োভৰ ঘটিছে ।শেহতীয়াকৈ হিন্দুস্থান লিভাৰ কোম্পানীৰ একাংশ প্ৰতিনিধিয়ে চলোৱা এক অনুসন্ধানত সামগ্ৰী ভেজালকৰণৰ এক তথ্য পোহৰলৈ আহিছে । হিন্দুস্তান লিভাৰ কোম্পানীৰ অভিযোগৰ ভিৰ্তিত লখিমপুৰত আৰক্ষীয়ে অভিযান চলাই হিন্দুস্তান লিভাৰৰ বৃহৎ পৰিমাণৰ অনুকৰণ সামগ্ৰী জব্দ কৰে। লখিমপুৰ চহৰৰ ঠাকুৰবাৰী ৰোডত অৱস্থিত জি এছ ট্ৰেডাৰ নামৰ এখন দোকানৰ পৰা হিন্দুস্তান লিভাৰ কপি কৰি যোগান ধৰা সামগ্ৰী জব্দ কৰাৰ সমান্তৰাল কৈ জিলাখনৰ চিলনীবাৰীতো বৃহৎ পৰিমাণৰ ভেজাল সামগ্ৰী জব্দ কৰা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে ।প্ৰাপ্ত তথ্য মতে লখিমপুৰ নগৰৰ সৰ্বেশ্বৰ বৰুৱা পথত থকা জি এছ ট্ৰেডাৰ নামৰ প্ৰতিষ্ঠানটোৰ মালিক গৌৰীশংকৰ তপৰীয়া এই প্ৰৱঞ্চনামূলক ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে হিন্দুস্তান লিভাৰৰ অনুকৰণত দহ টকা মূল্যৰ চাৰ্ফ, চাবোন, চেম্পু আদি। একেদৰে ধাৰাবাহিক অভিযানৰ কালছোৱাত চিলনীবাৰীস্থিত আব্দুল চালামৰ মালিকানাধীন এছ ষ্ট’ৰ আৰু ইমৰাকুল ইছলামৰ মালিকানাধীন ইছলাম ষ্ট’ৰৰ দুয়োখন দোকানৰ পৰাও হিন্দুস্তান লিভাৰৰ জাল সামগ্ৰী উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে হিন্দুস্তান লিভাৰৰ সামগ্ৰীৰ বিক্ৰী হঠাৎ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কোম্পানীটোয়ে নিজাববীয়া অনুসন্ধান চলাইছিল আৰু কোম্পানীটোৱে নিজৰ বিভাগীয় চোৰাংচোৱাসকলক তদন্তৰ দায়িত্ব অৰ্পণ কৰে। লখিমপুৰৰ এই তিনিওজন ব্যৱসায়ী হিন্দুস্তান লিভাৰৰ অনুকৰণৰ দৰে সামগ্ৰী নিজ হাতেৰে বিক্ৰী কৰি ধৰা পৰিল। এই সন্দৰ্ভত চিলনীবাৰী আৰু লখিমপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। উল্লেখ যে বিগত সময়ত লখিমপুৰত এশ বিধৰো অধিক নকল, ভেজাল সামগ্ৰী বিশেষকৈ শিশু সকলৰ বাবে প্ৰস্তুত কৰা নকল, ভেজাল সামগ্ৰী লখিমপুৰত চলি থকা বিষয়টো সন্দৰ্ভত জিলাখনৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি , হিন্দু যুৱ পৰিষদে জিলা প্ৰশাসন, খাদ্য সুৰক্ষা বিভাগক তথ্য সহ অৱগত কৰে যদিও এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নললে । সংগঠন দুটাই সংবাদ মেল যোগেও এনে অনিয়মৰ তথ্য দাঙি ধৰিছিল । শেহতীয়াকৈ হিন্দুস্থান লিভাৰ কোম্পানীৰ তৎপৰতাহে কেইজনমান ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে পদক্ষেপ লৈছে ।