তিনিচুকীয়া ১৪ আগষ্ট: অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশানে আজি চাৰিটাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ শুভ উদ্বোধন কৰে। শিশুসকলৰ বৌদ্ধিক আৰু স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত এই আদৰ্শ অংগনৱাড়ী কেন্দ্র সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি অসম চৰকাৰে অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই আদৰ্শ অংগনৱাড়ী কেন্দ্রসমূহ সঠিককৈ পৰিচালনা কৰিবৰ বাবে ৰাইজৰ নিৰীক্ষণ আৰু সহযোগিতা অতিকৈ জৰুৰী বুলি শ্ৰম মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । শিশু আৰু মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে লোৱা এই পদক্ষেপৰ বাবে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে ধন্যবাদ জ্ঞাপন কৰে। এই আদৰ্শ অংগনৱাড়ী কেন্দ্রসমূহত শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে যাৱতীয় সকলো ব্যৱস্থা উপলব্ধ হব বুলিও উপায়ুক্ত শ্ৰী পৱাৰ উল্লেখ কৰে । উল্লেখযোগ্য যে, সমগ্ৰ তিনিচুকীয়া জিলাত মুঠ ৫৫ খন আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। সম্পূর্ণ হোৱা প্ৰতিটো অংগনৱাড়ী কেন্দ্রত বিজুলী আৰু পানীৰ সংযোগ সুনিশ্চিত কৰা হৈছে। এতিয়ালৈকে মুঠ ৩০ টা আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ শুভ উদ্বোধন কৰা হৈছে বুলি সংশ্লিষ্ট বিভাগটোয়ে জানিবলৈ দিছে। আজি আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ শুভ উদ্বোধন কাৰ্য্যসূচীত সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী চৰফ্ৰাজ হক, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া নিলোৰাম শৰ্মা প্ৰমুখ্যে জিলাখনৰ কেউটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল আৰু স্থানীয় বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।