লখিমপুৰ, ১৪ আগষ্ট ; অসম সাহিত্য সভাৰ পৰবৰ্তি সভাপতি হিচাপে পদ্মশ্ৰী য়েছে দৰজে ঠংচিৰ সৰ্থনত আজি অৰুণাচলৰ পাছিঘাটৰ পৰা ধেমাজি লখিমপুৰ, ইটানগৰ, বিশ্বনাথ চাৰিআলি ,শোণিতপুৰ নগাঁও হৈ গুৱাহাটীলৈ চাইকেল যাত্ৰা কৰিছে দুই যুৱকে । উল্লেখিত যুৱক কেইজন হৈছে আবিদ আজাদ আৰু চাফিউজ জামান । তেওঁলোকে গুৱাহাটীলৈ যাত্ৰা কৰাৰ পথত লখিমপুৰৰ মৈদমীয়াত আদৰণি জনায় লখিমপুৰৰ বহু গণ্যমান্য ব্যক্তিয়ে । দুই যুৱকৰ মত ঠংচিৰ দৰে এজন ব্যক্তিক বিনা প্ৰতিদ্বন্দিতাৰে অসম সাহিত্য সভালৈ নিৰ্বাচিত কৰিব পাৰিলে অসম -অৰুণাচলৰ মাজত এক সমন্বয় সৃষ্টি হোৱাৰ লগতে অসমৰ ৰাইজৰ উদাৰতাৰ ভাব প্ৰকাশ পাব ।