বৰপেটা,১৪ আগষ্টঃ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ আজাদী কা় অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি বৰপেটা জিলা আৰক্ষী প্ৰশাসনে ৰূপায়ণ কৰে প্ৰভাত ফেৰী কাৰ্যসূচী। সুমধুৰ দেশপ্ৰেমমূলক সংগীত পৰিৱেশনেৰে হাতে হাতে ত্ৰিৰংগা লৈ আৰক্ষী-জিলা প্ৰশাসন সমন্বিতে স্থানীয় সহস্ৰাধিক লোকে প্ৰভাত ফেৰী অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷বৰপেটা পৌৰসভাৰ খেলপথাৰৰ পৰা পুৱা ৬ বজাত অনুষ্ঠিত হোৱা এই প্ৰভাত ফেৰীত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰদীপ শইকীয়া, অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস, নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্ত, বি জে পিৰ বৰপেটা জিলাৰ সভাপতি অনিল দাস, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, ডাঃ নঞ্জু দত্ত, বৰপেটা প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ পাঠক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী,জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লোক সহ সহস্ৰাধিক লোক উপস্হিত আছিল ৷প্ৰভাত ফেৰী দলটি চহৰ খনৰ মাজেৰে প্ৰায় পাঁচ কিলোমিটাৰ স্বদেশ প্ৰেম মূলক গীত পৰিবেশন কৰি পুনৰ খেল পথাৰত সামৰণি পৰে।